newsnextone.com | গোৰেশ্বৰঃ প্ৰকৃতিৰ বিনন্দীয়া পৰিৱেশৰ মাজত আপোন পাহৰা হ’বলৈ উত্তম ঠাই বিটিএডিৰ ভাৰত-ভূটান সীমান্তৰ বগামাটি। তথ্য আৰু প্ৰযুক্তি বিদ্যাৰ যুগত দিনৰ দিনটো যন্ত্ৰৰ দৰে কাম কৰা নতুবা কংক্ৰিটৰ মহানগৰত সেউজীয়া কি পাহৰি পেলােৱা লোকে প্ৰকৃতিৰ ৰম্য ভূমি বগামাটিলৈ আহি প্ৰকৃতিৰ বিনন্দীয়া পৰিৱেশৰ মাজত আপোন পাহৰা হ’ব পাৰে। সেয়েহে বগামটিয়ে দেশ-বিদেশৰ পৰ্যটকক হাত বাউল দি মাতে। ভূটান পাহাৰৰ বুকু ফালি বৈ অহা নৈয়ে মানুহক আপোন পাহৰা কৰে।

ওখ ওখ সেউজীয়া পাহাৰ-শুভ্ৰ শিল, গছবােৰে আপোনাক আপোন পাহৰা কৰে। ক্ষন্তেকৰ বাবে হলেও প্ৰকৃতিৰ সৈতে একাত্ম হ’ব পাৰে। ভূটান পাহাৰৰ পৰা বৈ অহা বৰনদীৰ নিৰ্মল জলধাৰাৰ বাবে ভাৰত-ভূটান সীমান্তৰ বগামাটিয়ে পৰ্যটকৰ মন মুহিবলৈ সক্ষম হোৱা পৰ্যটনস্থলী বগামাটিত সোমবাৰে বিটিচিৰ শুক্লাই চেৰফাং পৰিষদীয় সমষ্টিৰ এমচিএলএ তথা বিটিচিৰ কাৰ্যবাহী গণেশ কছাৰীয়ে পৰ্যটক আৰু সাধাৰণ লোকৰ বাবে এটি জিৰণী, পদপথ আৰু পকীৰ বহা আসন মুকলি কৰে৷ 

বিগত প্ৰায় দহটা বছৰে ৰাজ্যৰ লগতে দেশ-বিদেশৰ পৰ্যটকক আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা বাক্সা-ওদালগুৰি সীমান্তৰ প্ৰকৃতিৰাণী বগামাটিত পৰ্যটকৰ বাবে মুকলি কৰে জিৰণি চ’ৰা, পকী আসন আৰু পদপথ। বিটিচিৰ পৰ্যটন বিভাগে মুঠ ২৮ লাখ টকাৰে নিৰ্মাণ কৰা আন্তঃগাঁথনি আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে বিটিচিৰ কাৰ্যবাহী সদস্য গণেশ কছাৰীয়ে। ইতিমধ্যে বগামাটিৰ পাহাৰৰ চূড়াত বুদ্ধদেৱৰ বিশাল মূৰ্তি, খটখটী আদিৰে বিভিন্ন আন্তঃগাঁথনিৰ উন্নয়ন কৰিছে বিটিচি কৰ্তৃপক্ষই৷