গুৱাহাটীঃ একাংশ চিনেমা হল মালিকৰ চক্ৰান্তত ধংসৰ গৰাহলৈ অসমীয়া চিনেমাৰ ভৱিষ্যত। এই অভিযোগ প্ৰযোজক তথা ব্যক্তিগত নিউজ চেনেল প্ৰাগ নিউজৰ স্বত্বাধিকাৰী সঞ্জীৱ নাৰায়ণৰ।

কাইলৈ মুক্তি লাভ কৰিবলগীয়া 'গেংছ অৱ নৰ্থ ইষ্ট' হিন্দী ছবি সন্দৰ্ভত এক সংবাদ মেল অনুষ্ঠিত কৰি ক্ষোভ প্ৰকাশ কৰে সঞ্জীৱ নাৰায়ণে। উত্তৰ-পূৰ্বাঞ্চলৰ কলা-কুশলী, অভিনেতা-অভিনেত্ৰীক লৈ নিৰ্মাণ কৰা হৈছে 'গেংছ অৱ নৰ্থ ইষ্ট' নামৰ হিন্দী চিনেমাখন। ৰাজ্যখনৰ চিনেমা হলসমূহে সময় নিদিয়াত ক্ষোভিত হৈ পৰে প্ৰযোজক সঞ্জীৱ নাৰায়ণ।

বিগ বাজেটৰ হিন্দী ছবিৰ বাবে অসমৰ চিনেমা হল মালিক পক্ষই অসমত অসমীয়া চিনেমা নচলায় বুলি ক্ষোভ প্ৰকাশ কৰে নাৰায়ণে৷ কেবল মাত্ৰ চাৰিটা ছবি গৃহতে চলিব 'গেংছ অৱ নৰ্থ ইষ্ট'। পূৰ্বৰ আৰু বৰ্তমানৰ চৰকাৰে চিনেমা হলৰ মালিকৰ ওপৰত কোনো ধৰণৰ নিয়ন্ত্ৰণ কৰিব নোৱাৰাৰ বাবে অসমীয়া চিনেমালৈ সংকট নামি অাহিছে বুলি কয় নাৰায়ণে।

বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদ মেল অনুষ্ঠিত কৰি হল মালিক অাৰু চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰে প্ৰযোজক সঞ্জীৱ নাৰায়ণে। অসমীয়া চিনেমাৰ দুৰ্দশাগ্ৰস্ত অৱস্থা বুলি কৈ চিনেমা হ’লৰ মালিৰ পক্ষৰ বিৰুদ্ধে চৰকাৰে ব্যৱস্থা গ্ৰহণ নকৰিলে ভৱিষ্যতে চিনেমা প্ৰযোজনা নকৰে বুলি উল্লেখ কৰে তেওঁ।

'গেংছ অৱ নৰ্থ ইষ্ট' চিনেমাখনৰ জৰিয়তে অসমৰ শিল্পীসকলক ৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ যোৱাৰ প্ৰয়াস কৰা বুলি উল্লেখ কৰি প্ৰযোজক সঞ্জীৱ নাৰায়ণে চিনেমাখন এখন সম্পূৰ্ণ বলিউডৰ হিন্দী চিনেমাৰ লগত ফেৰ মাৰিব পৰা চিনেমা বুলিও কয়।

চিনেমাখনত অভিনয় কৰিছে বিবেক বৰা, ফেইৰীপ্ৰিয়া অাহমেদ, উদয়ন দুৱৰা, মণিমালা দাস, এলবাৰ্ট মাউৰী, অানেষ্ট ৱালং, অাৰ কে ৰবীন্দ্ৰ, প্ৰিয়া অাহমেদ, বেঞ্জামিন ৱাৰ,  প্ৰধান দেউৰী, চিৰঞ্জীৱ দত্ত আৰু বিপুল ৰাভাই। সংগীত পৰিচালনা কৰিছে জুবিন গাৰ্গ, বেঞ্জামিন অাৰু দীপক চৰকাৰে।

কাহিনী-চিত্ৰনাট্য-সংলাপ অভিস্কা ফুকনৰ। ইতিমধ্যে চিনেমাখনৰ ট্ৰেইলাৰ অাৰু পোষ্টাৰে ছ'চিয়েল মিডিয়াত জনপ্ৰিয়তা লাভ কৰিছে। এ এম টেলিভিছনৰ বেনাৰত নিৰ্মিত উত্তৰ-পূবৰ প্ৰথমখন এনিমেশ্যন ছবি 'সৰ্ব গুণাকৰ শ্ৰীমন্ত শংকৰদেৱ' ১৮ ছেপ্তেম্বৰত লণ্ডনৰ নেহৰু চেন্টাৰত প্ৰৰ্দশিত হ'ব।