
লালুকঃ লখিমপুৰ জিলাৰ আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ গাঞ্জা সহ জালত পৰিল তিনি যুৱক৷ অৰুণাচলৰ পৰা গুৱাহাটী অভিমুখে এখন ট্ৰাকেৰে আনি থকা অৱস্থাত প্ৰায় ৬ কুইন্টল গাঞ্জা সহ লখিমপুৰৰ ডিজুৰ ছমিৰ আলী, আতাবুৰ ৰহমান আৰু গোলাপ হুছেইনক আটক কৰিবলৈ সক্ষম হয়৷
লখিমপুৰ আৰক্ষীয়ে বিশেষ খবৰৰ ভিত্তিত চলোৱা অভিযানত জব্দ কৰিবলৈ সক্ষম হয় ৬ কুইন্টল গাঞ্জা৷ এখন ট্ৰাকেৰে অৰুণাচলৰ পৰা গুৱাহাটীলৈ গাঞ্জা খিনি নি আছিল বুলি আৰক্ষীয়ে আগতীয়া খবৰ লাভ কৰি অভিযান চলাই ৰাজ পথতে ট্ৰাক খন জালত পেলাই আৰক্ষীয়ে৷
জব্দ কৰা গাঞ্জা খিনিৰ আনুমানিক মূল্য ২৫ লাখ টকা বুলি জানিবহ পৰা গৈছে৷ লখিমপুৰ জিলা আৰক্ষী অধীক্ষক আৰু বিশেষ শাখাৰ সহযোগত চলা গোপন অভিযানত অৰুণাচলৰ পাহাৰীয়া এলেকাত উৎপাদিত গাঞ্জা খিনিক লৈ বৰ্তমান তৎপৰ হৈ পৰিছে আৰক্ষীৰ বিশেষ শাখা৷