কোকৰাঝাৰঃ ৮০০ কিলোগ্ৰামতকৈ অধিক গাঞ্জা, ৪০০ কিলোগ্ৰামতকৈ অধিক ধপাত , ১৪০০ বটল ফেন্সিদাইল চিৰাপ, ৪৬৫ কিলোগ্ৰামতকৈ অধিক নিচাযুক্ত টেবলেট আজি কোকৰাঝাৰ আৰক্ষীয়ে ড্ৰাগ ডিচপোজেল কমিটিৰ দ্বাৰা ন্যায়ালয়ৰ অনুমতি লৈ ফকিৰাগ্ৰামত সম্পূৰ্ণৰূপে ধ্বংস কৰে।

ড্ৰাগ ডিচপোজেল কমিটিৰ সদস্যৰ উপস্থিতিত তথা জিলা মুখ্য ন্যায়িক দণ্ডাধীশ অভিজিৎ বৰুৱা , জিলা আৰক্ষী অধীক্ষক ৰাজেন সিঙৰ উপস্থিতিত আজি ২০০২ চনৰে পৰা কোকৰাঝাৰ জিলাত বিভিন্ন গোচৰত  জব্দ কৰা নিচাযুক্ত সামগ্ৰীসমুহ জিলাখনৰ ফকিৰাগ্ৰাম বিবিআই ইটা ফেক্টৰীলৈ আনি নিচাযুক্ত সামগ্ৰীসমুহ জ্বলাই দিয়াৰ লগতে ফেন্সিদাইল চিৰাপৰ বটলসমুহ এক্সেভেটৰেৰে চেপি নষ্ট কৰা হয়।

এই সন্দৰ্ভত জিলা আৰক্ষী অধীক্ষক ৰাজেন সিঙে সদৰি কৰা মতে নিচাযুক্ত সামগ্ৰী জব্দ কৰাৰ পিছত জব্দকৃত সামগ্ৰীসমুহ ধ্বংস কৰাৰ নিৰ্দেশ সন্দৰ্ভত মহামান্য উচ্চতম ন্যায়ালয়ে ইতিপূৰ্বেই এক নিৰ্দশনা জাৰি কৰি থৈছে আৰু তাৰেই ভিত্তিত ন্যায়ালয়ৰ অনুমতি সাপেক্ষে জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ উপস্থিতিত আজি ফকিৰাগ্ৰামত জব্দকৃত সামগ্ৰীসমুহ সমুলঞ্চে ধ্বংস কৰা হয়।

সাংবাদিকৰ এক প্ৰশ্নত্তোৰত আৰক্ষী অধীক্ষক ৰাজেন সিঙে বৰ্তমান জিলাখনত যুৱচামৰ মাজত নিচাযুক্ত সামগ্ৰীৰ প্ৰতি আকৰ্ষণ বৃদ্ধি পাইছে বুলি স্বীকাৰ কৰি আৰক্ষীয়ে এই সন্দৰ্ভত কঠোৰ কাৰ্যব্যৱস্থা গ্ৰহণ কৰিছে বুলি সদৰি কৰিছে। যুৱচামক নিচাৰ প্ৰতি আকৃষ্ট হোৱাৰ সলনি কৰ্মমুখী হবলৈ আহ্বান জনাই নিচাযুক্ত সামগ্ৰীৰ ব্যৱহাৰে পৰিয়াল তথা সমাজৰ ওপৰত কুপ্ৰভাৱ পেলাই বুলি মন্তব্য প্ৰকাশ কৰিছে।

প্ৰায় ৩০-৪০ লাখ টকাৰ বজাৰমূল্যৰ চোৰাং উক্ত নিচাযুক্ত সামগ্ৰী ধ্বংস কৰা কাৰ্যসূচীত গোসাঁইগাঁও মহকুমা আৰক্ষী বিষয়া মুনিন্দ্ৰ দেউৰী, উপ আৰক্ষী অধীক্ষক ক্ৰমে ( প্ৰ) মৰমী দাস, জ্যোতিন্দ্ৰ বৰুৱা, কোকৰাঝাৰ সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰবীন চৌধুৰী, ফকিৰাগ্ৰাম থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পংকজ ৰায়  আদিকে ধৰি বহু বিষয়া উপস্থিত আছিল ।