নগাঁও টাউনঃ আজি নগাঁৱত বৃহৎ পৰিমাণৰ গাঞ্জা উদ্ধাৰ কৰা হয় এজন কৰিমগঞ্জৰ যুৱকৰ পৰা। এজন ৰিক্সাচালকে উদ্ধাৰ কৰিলে কৰিমগঞ্জৰ এই দুৰ্ধৰ্ষ গাঞ্জা বেপাৰী জনক। বেপাৰী জনৰ নাম হৈছে আব্দুল হুছেইন। জানিব পৰা মতে এই আব্দুল হুছেইন নামৰ যুৱক জনে ত্ৰিপুৰা পৰা হাফলঙলৈ বুলি আনিছিল ৫ কেজি পৰিমাণৰ গাঞ্জা খিনি। 

উল্লেখযোগ্য যে, আব্দুল হুছেইন নামৰ যুৱক জনে ত্ৰিপুৰাৰ পৰা অহা গাড়ীৰ পৰা নামি এখন ৰিক্সাত উঠিব ধৰোতেই ৰিক্সাচালক জনে বেগত কি আনিছে বুলি সোধ-পোছ কৰোঁতে তেওঁ উত্তৰ দিয়ে ইয়াত গাঞ্জা আছে বুলি৷ ৰিক্সাচালকজনে অতি সাহসেৰে কাষতে এজন ৰৈ থকা এজন গৃহৰক্ষী জোৱানক খবৰ দিয়ে আৰু তৎক্ষণাত তেওঁক নগাঁও সদৰ আৰক্ষী থানালৈ লৈ অহা হয়। 

ৰাজ্যজুৰি পালন কৰা দূৰ্গা পূজাৰ প্ৰাক মুবূৰ্তত একেলগে বৃহৎ পৰিমাণৰ গাঞ্জা উদ্ধাৰ হোৱা ঘটনাই সমগ্ৰ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে৷