newsnextone.com | ওদালগুৰিঃ ৰাজ্যত আজিও অবাধ গতিত ড্ৰাগছ, ধোৱা বিহীন ধপাত, মদৰ অবাধ প্ৰচলন অব্যাহত থকা বুলি অভিযোগ উত্থাপিত হৈ আহিছে৷ দিনক দিনে ড্ৰাগছ সেৱনকাৰীৰ সংখ্যা বৃদ্ধি হোৱা বুলি জানিব পৰা গৈছে৷ কেন্দ্ৰীয়-ৰাজ্য চৰকাৰে ধপাত, ড্ৰাগছ, ধোৱা বিহীন ধপাতৰ বিৰুদ্ধে ব্যাপক প্ৰচাৰ চলাই ৰাইজক সচেতন কৰাৰ চেষ্টা চলাই গৈছে যদিও তেনে সময়তে বিটিএডিৰ ওদলগুৰি জিলাত গাঞ্জা ব্যাপক প্ৰচলনে যুৱ প্ৰজন্মক ধ্বংসৰ গৰাহলৈ আগবঢ়াই নিয়াৰ অভিযোগ উত্থাপন হৈছে৷ 

বৰবিহ স্বৰূপ গাঞ্জাই কোঙা কৰি পেলাইছে জিলাকেইখনৰ অলেখ যুৱকক৷ ওদালগুৰি জিলাত গাঞ্জাৰ ৰমৰমীয়া ব্যৱসায় চলি থকাৰ অভিযোগ উত্থাপিত হৈছে। জীৱন ধ্বংস কৰা এটি বৃহৎ চক্ৰই বহু প্ৰভাৱশালী লোকৰ সৈতে মিলি এই ব্যৱসায় কৰি অহাৰ অভিযোগ উত্থাপন হৈছে৷

ওদালগুৰিৰ বিভিন্ন অঞ্চলত গাঞ্জাৰ ৰমৰমীয়া বেহা মুকলিভাৱে চলি থকা বুলি অকাংশ সচেতন লোকে বাৰে বাৰে অভিযোগ উত্থাপন হৈ আহিছে। একাংশ লোকে অবৈধ ব্যৱসায় কৰি ধন ঘটাৰ নামত নৱপ্ৰজন্মক ধ্বংসৰ মুখলৈ গতি কৰাইছে। কিন্তু এইবোৰ দেখি শুনিও গভীৰ নিদ্ৰাত মগ্ন ওদালগুৰি প্ৰশাসন কিম্বা আবকাৰী বিভাগ। ওদালগুৰি চহৰখনৰ বিভিন্ন প্ৰান্তত অবৈধ গাঞ্জাৰ ঘাটিসমূহ দেখিও নেদেখাৰ ভাও ধৰাৰ অভিযোগ উত্থাপন কৰে ৰাইজে। গাঁৱৰ কোনো ভিতৰুৱা অঞ্চলত নহয়, চহৰখনৰ মাজমজিয়াতেই একাংশ পুৰুষ-মহিলাই গাঞ্জা বিক্ৰী কৰি চলাইছে ৰমৰমীয়া বেহা।

ব্যৱসায়ী প্ৰতিষ্ঠান সমূহত গ্ৰাহকৰূপে আহে স্কুলীয়া ছাত্ৰ আৰু বয়োজ্যেষ্ঠ লোক। অবৈধ ব্যৱসায়ী সন্দৰ্ভত স্থানীয় ৰাইজৰ দীৰ্ঘদিনীয়া অভিযোগৰ ভিত্তিত সাংবাদিকে চলাইছিল গোপন অভিযান। এই অভিযানত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য। বিশ টকাৰ পৰা আৰম্ভ কৰি এহেজাৰ টকা পৰ্যন্ত দৰত বিক্ৰী হয় এই গাঞ্জাসমূহ। কেৱল শিক্ষাৰ্থীয়েই নহয় বিভিন্ন অঞ্চলৰ লোকসকলে বৃহৎ গাঞ্জাৰ ঘাটিবোৰলৈ গাঞ্জা ক্ৰয় কৰিবলৈ আহে। গাঞ্জা নিজৰ গাঁৱলৈ নি ব্যৱসায় আৰম্ভ কৰে বুলি একাংশ গ্ৰাহকৰ পৰা জানিবলৈ পোৱা গৈছে।

ওদালগুৰি চহৰৰ চাৰি নম্বৰ ৱাৰ্ডৰ হনুমান ৰাইচ মিলৰ সমীপত এটি বাসগৃহৰ পৰাই চলি আছে এই অবৈধ কাৰবাৰ। ভাড়াত বাসগৃহ লৈ ভাড়াতীয়া গৃহৰ পৰাই এই মুকলি গাঞ্জাৰ ৰমৰমীয়া বেহা অব্যাহত আছে। সাংবাদিকৰ অভিযানত অনানুষ্ঠানিকভাৱে গ্ৰাহকৰূপী শিক্ষাৰ্থী এগৰাকীয়ে জানিবলৈ দিয়া মতে মহিলা এগৰাকীয়ে যোগান ধৰে এই গাঞ্জাসমূহ। উল্লেখ্য যে, ব্যৱসায়ীজনে তেওঁলোকৰ ৰমৰমীয়া ব্যৱসাসায়ী গোপনে চলাই যোৱাৰ অভিসন্ধিৰে নিজৰ ঘৰৰ চাৰিওদিশ টিনেৰে বাহিৰৰ পৰা কোনেও নেদেখাকৈ তৈয়াৰ কৰি লৈছে।

আনহাতে চৌহদটোৰ মূল দুৱাৰখনো দিনটোৰ বেছিভাগ সময় বন্ধ কৰি ৰাখে। যেতিয়া গ্ৰাহকসকল আহে তেতিয়া টিনৰ বেৰৰ ওপৰেৰে টকা দিয়াৰ লগে লগে নিৰ্দিষ্ট পৰিমাণৰ গাঞ্জা উলিয়াই দিয়ে গ্ৰাহকক। ফলত ঘৰটোৰ চৌহদৰ বাহিৰত অসংখ্য গ্ৰাহকে ভিৰ কৰা দেখা যায়। কেৱল এয়াই নহয়, চহৰখনৰ বিভিন্ন প্ৰান্তত এনেদৰে চলি আছে অবৈধ ব্যৱসায়। যাৰ ফলত অধিক পৰিমাণে ক্ষতিগ্ৰস্থ হৈছে শিক্ষাৰ্থীসকল। ওদালগুৰি ৰেল ষ্টেচনৰ পৰা প্ৰায় চাৰিশ মিটাৰ দুৰত এই ঘাটিসমূহলৈ ৰেলৰ দ্বাৰাই গাঞ্জাসমূহ অনাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় বাসিন্দাই।

একাংশ লোকে জানিবলৈ দিয়া মতে সন্ধিয়া হ'লেই পথটোৰে মানুহ ওলাব নোৱাৰা পৰিস্থিতিৰ সৃষ্টি হয়। তেওঁলোকে মত ব্যক্ত কৰি কয় যে মাজে সময়ে সন্ধিয়াৰ ভাগত উক্ত অঞ্চললৈ আৰক্ষী গৈ ঘৰটোৰ সন্মুখত নিজৰ বাহন ৰখাই যদিও খন্তেক পাছতে আতৰি যায়। ফলত আৰক্ষী কিম্বা আবকাৰী লোক এই ঘাটিসমূহৰ পৰা এক মোটা অংকৰ ধন লাভ কৰে বুলিও স্থানীয় লোকে সন্দেহ প্ৰকাশ কৰে। শিক্ষাৰ্থীৰ জীৱনৰ লগত জড়িত স্থানীয় দল-সংগঠনসমূহেও এইক্ষেত্ৰত নিমাত হৈ থকা দেখা যায়। এতিয়া প্ৰশ্ন হয় প্ৰশাসন তথা আবকাৰী বিভাগে কিবা ব্যৱস্থা গ্ৰহণ কৰিবনে? নে গোহাৰি বিতৰণ কৰি নিজৰ দ্বায়িত্ব পালন কৰিব সেয়া পৰৱৰ্তী সময়তহে লক্ষণীয় হ’ব।