ডিজিটেল ৰিপ'ৰ্টঃ বিগত বৰ্ষসমূহৰ দৰে এইবাৰো কলিয়াবৰ লোকসভা সমষ্টিৰ অন্তৰ্গত ধিং, ৰূপহীহাট, বটদ্ৰৱা বিধানসভা সমষ্টিৰ বিভিন্ন ঐতিহ্যমণ্ডিত মছজিদ, শাংকাত উপস্থিত হৈ সমষ্টিবাসীৰ লগতে ৰাজ্যখনৰ সকলো শ্ৰেণীৰ লোকৰ সৰ্বমংগল কামনাৰে বিশেষ দোৱাত অংশগ্ৰহণ কৰে যুৱ সাংসদ গৌৰৱ গগৈয়ে৷

কালি ৰূপহীহাটৰ তাৰাবাৰী আৰু খাটোৱাল জামে মছজিদ, শাংকাত উপস্থিত হোৱাৰ পিছত আজি ধিং সমষ্টিৰ পৰমাইভেটী মাদ্ৰাছা, পৰমাইভেটী শাংকাত বিশেষ ব্ৰতগ্ৰহণ কৰি থকা জ্যেষ্ঠ নাগৰিকসকলৰ সৈতে মত বিনিময় কৰাৰ লগতে উত্তৰ-পূৱ ভাৰত আমিৰে শ্বৰিয়ত মুফটি খাইৰুল ইছলামক সাক্ষাৎ কৰি স্বাস্থ্যৰ খা-খবৰ লৈ বিশেষ দোৱা গ্ৰহণ কৰে ৷

পৰমাইভেটীত সাংসদ পুঁজিৰে নিৰ্মিত এটি প্ৰকল্পৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰাৰ পাছত মৈৰাবাৰী জামে মছজিদ, শাংকাত বিশেষ ব্ৰতাৱলম্বী লোকসকলক লগ কৰি মতবিনিময় কৰাৰ লগতে তেওঁলোকৰ প্ৰয়োজনীয় সামগ্ৰীও বিতৰণ কৰাৰ অন্তত সাংসদ উন্নয়ন পুঁজিৰে নিৰ্মিত প্ৰকল্প এটিও পৰিদৰ্শন কৰে ৷

বিয়লি ধূনীয়াভেটী পথাৰ আঞ্চলিক হাফিজীয়া আৰু কাৰিয়ানা মাদ্ৰাছাত সাংসদগৰাকীৰ উদ্যোগত আয়োজিত ইফটাৰ পাৰ্টীত ভাগ লৈ বিশেষ দোৱাত অংশগ্ৰহণ কৰে ৷

সমষ্টিবাসীৰ মাজত সময় অতিবাহিত কৰি ভাল পোৱা সাংসদ গৌৰৱ গগৈয়ে ৰমজান মাহত এনেদৰে মছজিদ, শাংকা আদিত গৈ নিজগৃহৰ পৰা আতৰি প্ৰায় চল্লিশটা দিন বিশেষ ব্ৰতত ব্ৰতী জ্যেষ্ঠ লোকসকলৰ কাষত উপস্থিত হৈ প্ৰয়োজনীয় সামগ্ৰী বিতৰণৰ লগতে খবৰ বাতৰি লৈ সমষ্টিবাসীৰ লগতে ৰাজ্যখনৰ শান্তিৰ অৰ্থে আশীষ গ্ৰহণ কৰা কাৰ্যক সচেতন মহলে প্ৰশংসা কৰা পৰিলক্ষিত হৈছে৷