
গৌৰীসাগৰঃ বাৰিষা আহিলেই যেন কাল অমানিশা নামি আহে ৰূপহীমুখীয়া অঞ্চললৈ৷ শিৱসাগৰ জিলাৰ পশ্চিম প্রান্তৰ এই অঞ্চলটোত বহ্মপুত্রৰ প্রৱল বানে প্ৰতিবছৰে বিস্তৰ ক্ষতি সাধন কৰি আহিছে৷
এইবাৰো বিগত কেইবাদিনো ধৰি বানৰ কবলত পৰিছে অঞ্চলটো৷ অঞ্চলটোৰ ৰাস্তা-পদুলি, ঘৰ-দুৱাৰ, বিদ্যালয় সকলো পানীত বুৰ গৈছে৷ ফলত যোৱা কেইবাদিন ধৰি নাৱেৰে আহ-যাহ কৰিব লগীয়া হৈছে জনসাধৰণে৷
মাথো এখন নাৱেৰে বহিঃ জগতৰে যোগাযোগ ৰাখিবলগীয়া হোৱাত ৰোগী, স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰী, চাকৰিয়াল, ব্যৱসায়ী অসুবিধাত পৰিছে৷ মাটিৰ বাচন-বৰ্তন তৈয়াৰ কৰি তথা খেতি-বাতি কৰি জীৱন নিৰ্বাহ কৰা লোকসকলে এতিয়া বিবুদ্ধিত পৰিছে৷
কি কৰিম, কি খাম এই চিন্তাত দিন পাৰ কৰিছে ৰাইজে৷ বানাক্ৰান্তৰ খবৰ ল'বলৈ চৰকাৰৰ আহৰি নাই বুলি অঞ্চলটোৰ লোকসকলে ক্ষোভ ব্যক্ত কৰে৷ ৰূপহীমুখীয়াৰ ৰাইজে সময় থাকোতেই নিৰাপদ স্থানত সুবিধা কৰি দিবলৈ চৰকাৰৰ ওচৰত দাবী জনায়৷