
ডিজিটেল ডেস্কঃ ২০১৫ চনত পাকিস্তানে ভাৰতক গতাই দিছিল মূকবধিৰ যুৱতী গীতাক৷ ভাৰতৰ বিদেশ মন্ত্ৰী সুষমা স্বৰাজৰ তৎপৰতাত পাকিস্তানে ভাৰতৰ হাতত গতাই দিছিল ৰ্দুভগীয়া যুৱতীগৰাকীক৷ পাকিস্তানে গীতাক ভাৰতৰ হাতত গতাই দিয়াৰ দুবছৰ পাৰ হ’ল যদিও গীতাৰ পিতৃ-মাতৃৰ পৰিচয় আজিও উদ্ধাৰ হোৱা নাই৷
বিদেশ মন্ত্ৰী সুষমা স্বৰাজে যোৱা দুটি বছৰে গীতাৰ পৰিচয় তথা পিতৃ-মাতৃৰ ঠিকনা উদ্ধাৰৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে৷ সুষমা স্বৰাজে নিজৰ সন্তানৰ দৰে আদৰ কৰি ৰাখিছে গীতাক৷ তাৰ মাজতে ইউটিউবত স্বৰাজে এটি ভিডিঅ’ আপলোড কৰি গীতাৰ ঠিকনা উদ্ধাৰৰ চেষ্টা চলাই৷
গীতাৰ ঠিকনা উদ্ধাৰ কৰিব পাৰিলে ১ লাখ টকা পুৰস্কাৰ দিয়াৰ কথা ঘোষণা কৰে স্বৰাজে৷ স্মৰ্তব্য যে, সমঝোতা এক্সপ্ৰেছত প্ৰায় ৭-৮ বছৰ বয়সত পাকিস্তানৰ সেনাই উদ্ধাৰ কৰিছিল গীতাক৷ মূকবধিৰ গীতাই নিজৰ ঠিকনা, পিতৃ-মাতৃৰ ঠিকনা অৱগত কৰিব পৰা নাছিল৷ পাকিস্তানি সেনাই পাকিস্তানৰ সমাজকৰ্মী বিলকিচ এধিৰ হাতত তুলি দিয়ে তাইক৷
২০১৫ চন পৰ্যন্ত গীতাক পাকিস্তানৰ সমাজকৰ্মীগৰাকীয়ে নিজ ঘৰত ৰাখি পোহপাল দিয়ে৷ কেৱল ইমানে নহয় গীতাক পূজা পাতাল কৰাৰো সুবিধা কৰি দিয়ে৷ ভাৰতত গীতাই পদাৰ্পন কৰাৰ পিছতে বহু লোকে নিজৰ সন্তান বুলি দাবী কৰিছিল যদিও তেওলোকৰ সন্তান বুলি প্ৰমাণিত নহ’ল৷
অৱশেষত গীতাৰ পিতৃ-মাতৃৰ পৰিচয় উদ্ধাৰত চেষ্টা চলালে খোদ বিদেশ মন্ত্ৰী সুষমা স্বৰাজে৷ ইউটিউবত ভিডিঅ’ আপলোড কৰি গীতাৰ পিতৃ-মাতৃক বিছৰাৰ আহ্বান জনায় স্বৰাজে৷ আনহাতে, এই ঘটনাক লৈ বলিউডৰ অভিনেতা ছলমান খানে এখন ছবিও নিৰ্মাণ কৰিছিল৷