ভূত ওলাইছে, ভূত!

thinglink
thinglink

লংকাঃ ভূত ওলাইছে, ভূত৷ এয়া এখন বিদ্যালয়ৰ কাহিনী৷ ঠাইখিনি নিৰ্জন নহয় যদিও মানুহৰ জনবসতি কম৷ সাজ লাগিলেই মানুহৰ আহ যাহ কমি যায়৷ ৰাতি স্কুল ঘৰটোৰ সন্মুখেৰে কোনো অকলশৰে আহিব নিবিচাৰে৷ অগত্যা যদি কেতিয়াবা আহিব লগা হয়, তেন্তে জোলোঙাত নতুৱা লংপেন্টৰ পকেটত এমুঠি সৰিয়হ অথৱা এটি জলকীয়া থাকিবই লাগিব৷ আৰু মুখত অনবৰতে হৰিনাম এফাকি লাগি থকাটো বাধ্যতামূলক৷

কিয়নো নিশা হ’লে নিশাৰ নিৰ্জনতা ভেদি স্কুল ঘৰৰ পৰা ভাহি আহে সেই বুকু কঁপাই যোৱা চিঞৰ৷ তেজ গোট মাৰি যোৱা এই চিঞৰ কোনো মানুহৰ নহয়, এয়া এক চিঞৰ অশৰীৰি আত্মাৰ৷ তদুপৰি এই অশৰীৰি আত্মাই ৰাতি ৰাতি বিদ্যালয়খনৰ দুৱাৰ খিৰিকিত ঢকিয়াই ঢকিয়াই সৃষ্টি কৰে এক ভৌতিক পৰিৱেশ৷ সেয়ে ৰাতি বিদ্যালয়ৰ সন্মুখেৰে অহা যোৱা কৰাটোত অঞ্চলবাসীয়ে একপ্ৰকাৰ নিষেধাজ্ঞা জাৰি কৰিছে৷ অন্ততঃ যাৰ প্ৰাণৰ প্ৰতি মমতা আছে, সি সেই বাটেৰে কাহানিও নাযায়৷

অঞ্চলটোৰ কেইজনমান গুৰু গোঁসাই নমনা লোকে ভূত প্ৰেতক বিশ্বাস নকৰি সেই বাটেৰে এদিন নে দুদিন পাৰ হৈছিল যদিও নিজৰ গাতো যেতিয়া সেই অশৰীৰি আত্মাই লম্ভিলে, তেতিয়া সিহঁতেও বিশ্বাস কৰিবলৈ বাধ্য হৈ পৰিল ভূতৰ অস্তিত্বক৷

তদুপৰি আজিকালি বিদ্যালয়খনলৈ দিনতো কোনো যাবলৈ এৰিলে৷ ছাত্ৰ-ছাত্ৰীতো বাদেই, অঞ্চলটোৰ ৰাইজো নহা হ’ল৷ যাৰ ফলত লাহে লাহে পৰিত্যক্ত হৈ পৰিল বিদ্যালয়খন৷

এয়া কোনো কাল্পনিক ভৌতিক কাহিনী নহয়৷ মানুহ গৈ চন্দ্ৰ পোৱাৰ সময়তে এয়া এক বাস্তব কাহিনী৷ যিটো সময়ত বিজ্ঞানৰ চৰম সফলতাই মানুহক উন্নতিৰ শিখৰত অধিষ্ঠিত কৰিছে, সেই সময়তে এনে এক অলৌকিক ঘটনা ঘটাৰ বিশ্বাস মনত পুহি ভূতৰ বিৰুদ্ধে যুঁজ দিবলৈ সাজু হৈছে এইখন অসমৰে একাংশই৷

এই ঘটনা হোজাই জিলাৰ যোগীজান শিক্ষাখণ্ডৰ অন্তৰ্গত ঠিকাদাৰবস্তি প্ৰাথমিক বিদ্যালয়ৰ৷ গাঁওবাসীৰ মতে নিশা হ’লে এই বিদ্যালয়খনতে ভূতে বিচৰণ কৰে৷ দুৱাৰ খিৰিকত ঢকিওৱাৰ শব্দ গাঁওবাসীয়ে শুনা পায়৷ বিদ্যালয়ৰ সন্মুখেৰে নিশা মানুহ পাৰ হলে ভূতে লগত মাতি লৈ যায়৷ বিকট চিঞৰ মাৰি ভূতে হেনো গাঁওবাসীক ব্যতিব্যস্ত কৰে৷

যাৰ ফলত এতিয়া ভূতৰ ভয়ত বিদ্যালয়লৈ ছাত্ৰ-ছাত্ৰী নহা হৈ পৰিছে৷ ভূতৰ আতংকই গ্ৰাস কৰা হিন্দু বেংগলী অধ্যুষিত অঞ্চলটোৰ গাঁওবাসীয়ে এতিয়া ইশ্বৰৰ নামকেই সাৰথি কৰি লবলৈ বাধ্য হৈ পৰিছে৷ যাৰ ফলত শুকুৰবাৰে নিশা গাঁওখনৰ পৌঢ়-বৃদ্ধ-শিশু-বণিতা সকলোৱে মিলি বিদ্যালয়খনৰ ভিতৰত নাম কীৰ্ত্তন কৰি ভূত খেদিবলৈ চেষ্টা চলায়৷

একবিংশ শতিকাৰ বিজ্ঞানৰ যুগত ভূত-প্ৰেত-আত্মা আদি বিষয় অন্ধবিশ্বাস বুলি মানি ললেও এখন গাঁৱত সংঘটিত হোৱা এনে ঘটনাই সমাজৰ বিদ্বত মহলক অলপ হলেও চিন্তাৰ খোৰাক যোগান ধৰে৷