
গুৱাহাটীঃ ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যসমূহৰ দৰে অসমৰো অৰ্থনীতিৰ মূল ভেটি হৈছে কৃষি। ৰাজ্যখনৰ প্ৰায় ৬৫ পৰা ৭০ শতাংশ লোক কৃষিৰ লগতে জড়িত। সেই কথা লক্ষ্য ৰাখি প্ৰতিখন চৰকাৰে কৃষক সকলক আৰ্থিকভাৱে সহায় কৰাৰ লগতে কৃষিৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ বাবে বিভিন্ন সময়ত গ্ৰহণ কৰি আহিছে বহুতো অভিলাষী আঁচনি।
দেশৰ প্ৰধানমন্ত্ৰীৰপৰা আৰম্ভ কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালেও ৰাজ্যখনৰ কৃষক সকলক সহায় কৰাৰ বাবে ইতিমধ্যে ঘোষণা কৰিছে বহুতো অভিলাষী আঁচনি। কিন্তু সেই আঁচনিসমূহে ৰাজ্যখনৰ কৃষক সকলক প্ৰকৃতাৰ্থত সাঙুৰি ল’ব পাৰিছে নে বৰ্তমান সময়ত ই কিন্তু এটা ডাঙৰ প্ৰশ্ন। তাৰ মাজতে পোহৰলৈ আহিছে কৃষি বিভাগৰ অধীনত গ্রাম্য আন্তঃগাঁঠনি উন্নয়ন পুঁজিৰ অধীনত কৃষক সকলক ৭৫ শতাংশ ৰাজসাহায্যত যোগান ধৰাৰ বাবে ক্ৰয় কৰাৰ একাংশ পানীৰ মেচিন কৃষি বিভাগৰ কাৰ্যবাহী অভিযন্ত্ৰাৰ কামৰূপ সংমণ্ডলৰ কাৰ্যালয়ৰ সন্মুখত থকা পূৰ্বতে বিভিন্ন কৃষিৰ বাবে মেৰামতি কৰা কাৰখানাটোত পৰিতপ্তৰ অৱস্থাত থকাৰ দৃশ্য।
জানিব পৰা মতে অতুল বৰা নেতৃত্বাধীন ৰাজ্যৰ কৃষি বিভাগে সংমণ্ডলতোৰ অধীনৰ একাংশ কৃষকৰ বাবে চলিত বৰ্ষৰ জানুৱাৰী মাহৰ শেষৰ ফালে ক্ৰয় কৰি উক্ত কাৰখানাটোলৈ আনিছিল। তাৰে কিছুসংখ্যক পানী মেচিন একাংশ কৃষকক যোগান ধৰা হ’ল যদিও বহু সংখ্যক পানী মেচিন আজি পৰ্যন্ত কাৰখানা ঘৰটোতে কৃষক সকলক যোগান ধৰাৰ পৰিৱৰ্তে পেলাই থোৱা হৈছে। এক বিশেষ সূত্ৰ খবৰ অনুসৰি কাৰখানা ঘৰটোত পৰিতপ্তৰ অৱস্থাত ৰাখি থোৱা প্ৰতিটো পানী মেচিনৰ মূল্য প্ৰায় ২২ হাজাৰ টকাৰো অধিক।
ইয়াৰ উপৰিও কাৰখানা ঘৰটোত পৰিতপ্তৰ অৱস্থাত পেলাই থোৱা আছে ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা অধীনত সংমণ্ডলতোৰ অধীনৰ কৃষক সকলক ৫০ শতাংশ ৰাজ সাহায্যত যোগান ধৰাৰ বাবে ক্ৰয় কৰাৰ বহুকেইটা ধান সৰা মেচিনো। প্ৰতিটো ধান সৰা মেচিনৰ মূল্য ১ লাখ ২৬ হাজাৰ টকা।
একেদৰে গুদাম ঘৰটোত আছে কৃষকক ৰাজসাহায্যত যোগান ধৰাৰ বাবে ক্ৰয় কৰাৰ এখন পাৱাৰ টিলাৰো।
আনহাতে, গুৰুত্বপূৰ্ণ কথা এই যে কেৱল কামৰূপ সংমণ্ডলতে নহয় সমগ্ৰ ৰাজ্যৰ কৃষি বিভাগৰ অধিকাংশ সংমণ্ডলতে কৃষকৰ বাবে ক্ৰয় কৰাৰ একাংশ সামগ্ৰী এনেদৰে পৰিতপ্তৰ অৱস্থাতে ৰাখি থোৱা হৈছে।
এতিয়া প্ৰশ্ন হ’ল যে বিভিন্নৰ আঁচনিৰ অধীনত কৃষকৰ বাবে ক্ৰয় কৰাৰ এনেধৰণৰ মূল্যৱান সামগ্ৰী সমূহ কিয় পেলাই থোৱা হৈছে। গুৰুত্ব দিব নে কৃষি মন্ত্ৰী অতুল বৰাই সামগ্ৰী সমূহ কৃষক সকলক যোগান ধৰাৰ বাবে?