11
Jun
2019

গুৱাহাটীঃ বাৰিষাৰ বাবে অহা ১৫ জুনৰপৰা পৰ্যটকৰ বাবে বন্ধ হ’ব মানস ৰাষ্ট্ৰীয় উদ্যান। এই কথা জানিবলৈ দিছে ৰাষ্ট্ৰীয় উদ্যানখনৰ কৰ্তৃপক্ষই।
উল্লেখ্য যে, যোৱাবর্ষৰ ১০ অক্টোবৰত পৰ্যটকৰ বাবে মুকলি কৰা হৈছিল ৰাষ্ট্ৰীয় উদ্যানখনৰ মূল প্ৰৱেশদ্বাৰ।
২০১৮-১৯ বর্ষত ৰাষ্ট্ৰীয় উদ্যানখনলৈ ৬৫৮ গৰাকীৰ বিদেশী আৰু ৪২,৩২৯ গৰাকীৰ দেশীয় পৰ্যটকে দর্শন কৰিছিল। ৰাষ্ট্ৰীয় উদ্যানখনে এই বর্ষত ৰাজহ সংগ্ৰহ কৰিছিল মুঠ ৮১,৩০,৮৩০ টকা।