
মঙলদৈঃ যুৱতীৰ সৈতে সম্পৰ্ক গঢ়িবলৈ নাম সলনি কৰা এজন যুৱক। দীৰ্ঘদিন ধৰি ভুৱা নামেৰে এগৰাকী যুৱতীক প্ৰেমৰ অভিনয়ৰে জালত পেলাইছিল যুৱকজনে। প্ৰেমত মচগুল হৈ পৰা যুৱতীগৰাকীয়ে যুৱকজনৰ এনে অসৎ উদ্দেশ্যৰ কোনো উম-ঘামেই পোৱা নাছিল।
প্ৰাপ্ত বাতৰি মতে, হোৱাটছএপত ৰং মেছেজিঙৰ জৰিয়তে চিনাকি হৈছিল দুয়োৰে। প্ৰথমে চিনাকি, দুই এদিন বাৰ্তালাপ। তাৰ পিছত প্ৰেম। এনেকৈয়ে দুয়োৰে সম্পৰ্কই ভৰি দিছিল ডেৰ বছৰত।
গুৱাহাটীৰ ভঙাগড়ৰ এখন বিউটি পাৰ্লাৰৰ স্বত্বাধিকাৰী যুৱতীগৰাকীক আৰম্ভণিতে ৰাহুল দাস নামেৰে চিনাকি দিছিল যুৱকজনে। এদিন হঠাৎ তেওঁ জানিব পাৰে যে যুৱকজনৰ প্ৰকৃত নাম ইমৰাণ হুছেইনহে, ৰাহুল দাস নহয়।
লগে লগে সম্পৰ্কৰ ইতি পেলায় ভণ্ড যুৱকজনৰ প্ৰেমৰ জালত ভৰি দিয়া যুৱকজনে। কিন্তু প্ৰেমজনিত সম্পৰ্কৰ সুযোগ লৈ আৰ্থিক লেন-দেন কৰাৰ পৰিপ্ৰেক্ষিতত যুৱকজনক বিচাৰিবলৈ বাধ্য হৈ পৰে যুৱতীগৰাকীয়ে। সেয়ে দেওবাৰে মঙলদৈত উপস্থিত হয় যুৱতীগৰাকী। মঙলদৈ থানাত এখন এজাহাৰো দাখিল কৰে ভণ্ড যুৱকজনৰ বিৰুদ্ধে।
যুৱতীগৰাকীয়ে এজাহাৰত উল্লেখ কৰা মতে,সম্পৰ্ক ভালে থকাৰ দিনত যুৱকজনে তেওঁৰ পৰা নগদ ১লাখ ২০ হাজাৰ টকা মঙলদৈ চহৰত লেবৰেটৰী খোলাৰ নামত ধাৰলৈ লৈছিল। লগতে ৫০ হাজাৰ টকাৰ দুখন চেক সৰকোৱা বুলিও এজাহাৰত উল্লেখ কৰিছে যুৱতীগৰাকীয়ে।
যুৱতীগৰাকীয়ে যুৱকজনৰ বিৰুদ্ধে প্ৰতাৰণাৰ অভিযোগো উত্থাপন কৰিছে। "প্ৰেমে জাতি-কুল নিবিচাৰে। কিন্তু প্ৰেমত ভণ্ডামি নচলে। সি মোক তাৰ আচল পৰিচয় দিয়া হ'লেও হয়তো প্ৰেমত পৰিলোহেতেন। কিন্তু সি নিজৰ নাম মিছাকৈ কৈ মোক পাব বিচাৰিছিল। এয়া কোনোপধ্যে গ্ৰহণযোগ্য নহয়। ভাল মানুহে এনে কৰিব নোৱাৰে। মোৰ মানুহল চিনাত ভুল হৈ গ'ল।"-এইদৰে কয় ভুক্তভোগী যুৱতীগৰাকীয়ে।
ইফালে যুৱতীগৰাকীৰ এজাহাৰৰ ভিত্তিত ভণ্ড যুৱকজনৰ সন্ধানত অভিযান আৰম্ভ কৰিছে মঙলদৈ আৰক্ষীয়ে। অৱশ্যে এই পৰ্যন্ত যুৱকজনক কৰায়ত্ত কৰাৰ বাতৰি পোৱা হোৱা নাই।