ঢেকীয়াজুলিঃ প্ৰতিদিনেই ঘটিবলৈ লৈছে সভ্য সমাজক লজ্জানত কৰা ঘটনা। দিনদিয়েক পূৰ্বে লখিমপুৰ জিলাৰ নাওবৈচাত সংঘটিত লোমহৰ্ষক ঘটনাৰ পিছত এইবাৰ শোণিতপুৰ জিলাৰ ঠেলামৰা আৰক্ষী থানাৰ অন্তৰ্গত নাহৰবাৰীত সংঘটিত হোৱা আন এক নাৰকীয় ঘটনা পোহৰলৈ আহিছে৷ 

অঞ্চলটোত পিতৃৰ হাতত এগৰাকী নাবালিকা ধৰ্ষিতা হোৱাৰ বাতৰিয়ে ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ এই নৰাধমৰ নাম হৈছে প্ৰদীপ কৰ্মকাৰ৷ ঘৰত পত্নী নথকা অৱস্থাত সুৰাপায়ী প্ৰদীপে ১৩ বছৰীয়া কন্যাক শোৱাপাটীতে বলৎকাৰৰ চেষ্টা চলায়।

সেই সময়তে পত্নী আহি ঘৰ পাই স্বামীৰ এই পৈশাচিক ৰূপ প্ৰত্যক্ষ কৰি হতভম্ব হৈ পৰে। লগে লগে তেওঁ স্বামীৰ এনে কাৰ্যৰ বিৰোধিতা কৰে যদিও পাষণ্ড প্ৰদীপে পত্নীক শাৰীৰিক আক্ৰমণ কৰি বাহিৰলৈ খেদি পঠিয়াই কিশোৰীগৰাকীক বলৎকাৰ কৰে৷ 

নিৰক্ষৰ মহিলাগৰাকীয়ে লোক লজ্জা আৰু অত্যাচাৰী স্বামীৰ ভয়ত এই ঘটনাক মনৰ ভিতৰতে গাপ দি ৰাখে যদিও পুনৰ অনুৰূপ ঘটনা সংঘটিত কৰাত স্থানীয় ৰাইজক বিষয়টো অৱগত কৰে৷  পিছত স্থানীয় যুৱকসকলে এনে অমানৱীয় কাণ্ড কৰি গাওঁখনক কলংকৃত কৰা প্ৰদীপ কৰ্মকাৰক ধৰি বান্ধি উত্তম-মাধ্যম শোধায়৷ 

এই ঘটনাৰ পিছতে বুধবাৰে পুৱাৰ ভাগত লক্ষী কৰ্মকাৰ নামৰ মহিলাগৰাকীয়ে স্থানীয় আৰক্ষীৰ কাষ চাপি এজাহাৰ দাখিল কৰে৷ উক্ত এজাহাৰৰ ভিত্তিত গোচৰ ৰুজু কৰি ঠেলামৰা আৰক্ষীয়ে বলৎকাৰীটোক গ্ৰেপ্তাৰ কৰি বিয়লিৰ ভাগত জিলা দণ্ডাধীশৰ আদালতত হাজিৰ কৰে৷ পিছত আদালতে কাৰাগাৰলৈ প্ৰেৰণ কৰে কন্যা ধৰ্ষণকাৰী পিতৃক৷

গাওঁবাসীৰ পৰা জানিব পৰা মতে ধৰ্ষিতা কিশোৰীগৰাকীৰ মাতৃ পূৰ্বতে আন এজনৰ লগত বিবাহপাশত আৱদ্ধ হৈছিল৷ বিবাহৰ পিছতেই এটা কন্যা সন্তান উপহাৰ দি মহিলাগৰাকীৰ স্বামীয়ে পৃথৱীৰ পৰা আঁতৰি যায়। প্ৰথম স্বামীৰ মৃত্যুৰ  পিছত নিজৰ লগতে কণমানিটিৰ নিৰাপত্তাৰ স্বাৰ্থত লক্ষী কৰ্মকাৰে প্ৰদীপ কৰ্মকাৰ নামৰ লোকজনৰ সৈতে বিবাহ পাশত আবদ্ধ হৈ আন এটি কন্যা সন্তান জন্ম দিয়ে৷ 

মহিলাগৰাকীৰ পূৰ্বৰ স্বামীৰ সন্তান এই কিশোৰীগৰাকীক পাষণ্ড লোকজনে বিদ্যালয়লৈ পঠোৱাৰ পৰিৱৰ্তে অৰুণাচলৰ এঘৰত বন কৰা ছোৱালী হিচাপে নিয়োগ কৰে৷ জন্মদাঁতা পিতৃ নহ’লেও প্ৰদীপকে পিতৃ বুলি শ্ৰান কৰি আহিছিল কিশোৰীগৰাকীয়ে। কিছুদিন পূৰ্বে কিশোৰীগাৰকীয়ে কৰ্মস্থলীৰ পৰা ঘৰলৈ উভতি আহিছিল। কিন্তু ঘৰলৈ আহিয়েই এনেদৰে সতীয়া পিতৃৰ নিৰ্যাতনৰ বলি হ'বলগীয়া হোৱাত মানসিকভাৱে ভাগি পৰিছে কিশোৰীগৰাকী।