বোকাজানঃ পাহাৰীয়া জিলা কাৰ্বি  আংলঙৰ বোকাজান মহকুমাৰ অন্তৰ্গত খটখটিত কালি সংঘটিত হয় এক জঘন্য ঘটনা। দুই নৰপিশাচে নিজৰ দেহৰ কামনাৰ ভোক নিবাৰণ বাবে বাছি লয় এগৰাকী ১৫ বছৰীয়া কিশোৰীক।

প্ৰাপ্ত খবৰ অনুযায়ী কিশোৰীগৰাকীয়ে কালি বিয়লি এৰাল দিয়া গৰু আনিবলৈ ঘৰৰ পৰা কিছু নিলগত থকা পথাৰলৈ ওলাই গৈছিল ৷

উক্ত সময়তে বিনোদ মাহাতো আৰু কালু নামৰ দুই নৰপিশাচে নিজান ঠাই এডোখৰত কোনো নথকাৰ সুযোগ লৈ কিশোৰীগৰাকীক ধৰ্ষণ কৰে ৷

কিশোৰীগৰাকীয়ে পিছত ঘৰৰ পৰিয়ালক উক্ত ঘটনাৰ বিষয়ে সবিশেষ জনায়। পৰিয়ালৰ লোকে স্থানীয় ৰাইজৰ সহযোগত বিনোদক ধৰি খটখটি আৰক্ষীক গতাই দিয়ে যদিও কালু বৰ্তমানেও পলাতক বুলি স্থানীয় ৰাইজে জানিবলৈ দিছে।