গুৱাহাটীঃ ৰাজ্যৰ ইমুৰৰ পৰা সিমুৰলৈ ওলাই আহিল ছাত্ৰী সমাজ৷ ৰাজ্যত প্ৰতি দিনে মহিলা নিৰ্যাতন হৈ অহাত চিন্তিত হৈ পৰিছে ছাত্ৰ সমাজ৷ এখন শংকামুক্ত স্বাধীন পৰিবেশ বিছাৰি ছাত্ৰী একত্ৰিত হ’ল গুৱাহাটীত৷

ছাত্ৰীয়ে বলি হৈ অহা নিৰ্যাতন বন্ধ কৰা, শিক্ষানুষ্ঠানত যৌন নিৰ্যাতনৰ বিৰুদ্ধে লিংগ সংবেদনশীলকৰণ সমিতি গঠন, বিদ্যালয়-মহাবিদ্যালয়-বিশ্ববিদ্যালয় কেম্পাচকে অাদি কৰি সকলো ৰাজহুৱা স্থানতে যৌন নিৰ্যাতনৰ বিৰুদ্ধে প্ৰচাৰৰ বিশেষ ব্যৱস্থা কৰা আদি বিষয় সন্দৰ্ভত আলোচনা কৰাৰ বাবে আজিৰে পৰা ২০ অাগষ্টলৈকে ভাৰতৰ ছাত্ৰ ফেডাৰেছনৰ অসম ৰাজ্যিক সমিতিয়ে অনুষ্ঠিত কৰিছে ৰাজ্যিক ছাত্ৰী অভিৱৰ্তন।

অসম ৰাজ্যিক ছাত্ৰী অভিৱৰ্তন উপলক্ষে শংকাহীন স্বাধীনতা অাৰু পুৰুষত্বৰ বিৰুদ্ধে এছ এফ অাইৰ ছাত্ৰী সমদলে কপাই তুলিলে গুৱাহাটী। ছাত্ৰী তথা মহিলা সকলৰ ওপৰত চলি অহা যৌন নিৰ্যাতনৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ছাত্ৰী সকল দীঘলীপুখুৰীৰ পাৰত একত্ৰিত হৈছে এই সমদলত। স্কুল-কলেজ-মহাবিদ্যালয় সকলোতে নাৰীয়ে সন্মূখীন হৈ অাহিছে বিভিন্ন সমস্যাৰ।

বিগত সময়ত এছ এফ অাইয়ে প্ৰতিবাদ কৰি অহা পাছতো অাজিলৈ সমস্যা সমাধানৰ ক্ষেত্ৰত চৰকাৰে গুৰুত্ব আৰোপ নকৰিলে। যিখন ভাৰতবৰ্ষত নাৰীক দেৱী ৰূপে পূজা হয় সেই দেশতে পুৰুষৰ হাতত নাৰী লাঞ্চিত, নিৰ্যাতিত হোৱা ঘটনাই পুৰুষকেন্দ্ৰিক সমাজৰ প্ৰকৃত স্বৰূপ উদঙাই দিয়ে বুলি সমদলত অংশ গ্ৰহণ কৰা ছাত্ৰীয়ে। পুৰুষত্বৰ বিৰুদ্ধে এছ এফ অাই ছাত্ৰী সমদলৰ জৰিয়তে মূখ্যমন্ত্ৰীলৈ স্বাৰকপত্ৰ প্ৰেৰণ কৰে।

এছ এফ অাইয়ে সোনকালে চৰকাৰে ছাত্ৰী সকলৰ সুৰক্ষাৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰি স্কুল কলেজত ছাত্ৰী সকলক সকলো সা-সুবিধা প্ৰদান কৰিবলৈ অাহবান জনায়। স্কুল-কলেজত ছাত্ৰী সকলৰ ওপৰত হৈ অহা যৌন নিৰ্যাতন বিৰুদ্ধে লিংগ সংবেদনশীলকৰন কমিতি গঠনৰ ব্যৱস্থা কৰা, ছাত্ৰী নিবাস গঠন, স্কুলত চেনিটেৰী নেপকিন প্ৰদানকে অাদি কৰি ছাত্ৰী সকলৰ সুবিধা অাৰু সুৰক্ষাৰ ক্ষেত্ৰত অধিক গুৰত্ব অাৰোপ কৰিবলৈ দাবী জনাইছে এছ এফ অাইয়ে।

বৃহস্পতিবাৰে দীঘলীপুখুৰী পাৰত ছাত্ৰী অভিৱৰ্তন উপলক্ষে উলিওৱা ছাত্ৰী সমদলৰ জৰিয়তে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰতিনিধি সকলে দেশত চলি থকা যৌন নিৰ্যাতনৰ বিৰুদ্ধে একত্ৰিত হৈ মাত মাতি যোৱাৰ হুংকাৰ প্ৰদান কৰে।

মহাবিদ্যালয় সমূহত পৰ্যাপ্ত ছাত্ৰী নিবাসৰ ব্যৱস্থা কৰাৰ লগতে ছাত্ৰী নিবাস সমূহ সুৰক্ষিত কৰাৰ দাবী জনায় সংগঠনটোৱে৷ অানহাতে শিক্ষানুষ্ঠানসমূহত স্বাস্থ্যসন্মত প্ৰস্ৰাৱগাৰ নথকাৰ বাবে ছাত্ৰী সকলে জিয়াতু ভূগিবলগীয়া হয়। সেয়েহে এছ এফ অাইয়ে শিক্ষানুষ্ঠানৰ লগতে প্ৰতি কিলোমিটাৰৰ অন্তৰে অন্তৰে ৰাজহুৱা প্ৰস্ৰাৱগাৰ স্থাপন কৰাৰ লগতে স্কুল কলেজত চেনিটেৰী নেপকিন দিয়াৰ ব্যৱস্থা কৰাৰ দাবী জনায়।