18
Jun
2017

ডিজিটেল ডেস্কঃ মাচুল দিবলৈ অপাৰগ হোৱাৰ বাবেই বিদ্যালয় কৰ্তৃপক্ষই দুগৰাকীকৈ ছাত্ৰীৰ ইউনিফৰ্ম খুলি ৰখা এক জঘন্য কাণ্ডৰ খবৰ প্ৰকাশিত হৈছে সংবাদ মাধ্যমত।
বিহাৰৰ বেগুচৰাই জিলাৰ ব্যক্তিগত খণ্ডৰ এখন বিদ্যালয়ৰ নাৰ্ছাৰী আৰু প্ৰথম শ্ৰেণীত পঢ়া দুগৰাকী কণমানি বাই-ভনীৰ মাচুল দিব পৰা নাছিল পিতৃয়ে।
সেয়ে শুকুৰবাৰে বিদ্যালয় কৰ্তৃপক্ষই ইউনিফৰ্ম খুলি ৰাখি তেনেকৈয়ে অৰ্ধনগ্ন অৱস্থাত ঘৰলৈ পঠিয়াই দিয়ে। গাঁৱৰ ৰাস্তাত দুয়োজনীয়ে লাজে-অপমানে গৈ থকাৰ ভিডিঅ’ ৰেকৰ্ড হোৱাত কথাটো ৰাষ্ট্ৰ হয়।
বাটতে কোনোবাই ছোৱালী দুজনীক কাপোৰ পিন্ধাই পঠিয়ায়। ঘটনা সন্দৰ্ভত বিদ্যালয়খনৰ প্ৰিন্সিপালকে ধৰি দুজন শিক্ষকক আটক কৰিছে আৰক্ষীয়ে।