নলবাৰীঃ টিহুৰ বিশিষ্ট নাগৰিক, সমাজসেৱক, আগশাৰীৰ গ্ৰন্থ প্ৰকাশক আৰু বিক্ৰেতা গয়াধৰ কলিতাৰ সোমবাৰে মৃত্যুক আকোৱালি লয়৷ দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত হৰিচৰণ বুক ষ্টলৰ স্বত্বাধিকাৰীগৰাকীৰ টিহুৰ বিদ্যানগৰৰ বাসভৱনত মৃত্যু হয়।

বাতৰি কাকত বিতৰক প্ৰতিষ্ঠান বীণাপাণি বুক ষ্টলৰ হোতা কলিতাই বহি গ্ৰন্থ প্ৰকাশ কৰিছে৷ অভিনয়, নাট আদিৰ সৈতেওঁ জড়িত আছিল কলিতাই। অসম সাহিত্য সভাৰ আজীৱন সভ্য কলিতাই বাক্সা সাহিত্য সভাৰ সৈতে জড়িত হা আছিল।

কলিতাৰ মৃত্যুত স্থানীয় বিধায়ক পবিন্দ্ৰ ডেকা, টিহু মহকুমা সাংবাদিক সন্থা, টিহু সাহিত্য সভা, টিহু চেম্বাৰ অফ কমাৰ্চ, টিহু আঞ্চলিক ছাত্ৰ সন্থা, টিহু জেষ্ঠ নাগৰিক সন্মিলন, টিহু মহকুমা ৰাজহুৱা পুথিভঁৰাল সমিতি আদি দল-সংগঠনে গভীৰ শোক প্ৰকাশ কৰি পৰিয়ালক সমবেদনা জ্ঞাপন কৰে৷