নগাঁওৰ পৰা অজয় হোকাই

www.newsnextone.com| নগাঁওঃ ৰাষ্ট্ৰীয় পৰ্যায়ত আকৌ এবাৰ উজ্বলি উঠিল অসমৰ নাম। নতুন দিল্লীত অনুষ্ঠিত "সৰ্বভাৰতীয় গ্লেমন মিচ প্ৰতিযোগিতাত" অংশগ্ৰহণ কৰি নগাঁও জিলাৰ ৰহা ৰূপহীতলি গাঁওৰ সুষমা কোঁৱৰে প্ৰতিযোগিতাত "শ্ৰেষ্ঠ কেটৱক প্ৰতিযোগিৰ" খিতাপ দখল কৰি পুনৰবাৰ সৰ্বভাৰতীয় প্ৰেক্ষাপটত অসমৰ নাম উজ্জ্বলাই তোলে।

ভাৰতৰ ২৫ খন ৰাজ্যৰ পৰা মুঠ ১০০০ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা প্ৰতিযোগিতা খনত ৩৫ গৰাকীক চূড়ান্ত প্ৰতিযোগিতালৈ নিৰ্বাচন কৰা হয়। 

চূড়ান্ত প্ৰতিযোগিতাত সুষমা কোঁৱৰে শীৰ্ষ ১০ গৰাকী প্ৰতিযোগিৰ তালিকাত স্থান লাভ কৰিবলৈ সক্ষম হয় সুষমা কোঁৱৰ। আনহাতে অন্তিম পৰ্যায়ৰ প্ৰতিযোগিতা খনত সুষমা কোঁৱৰে "শ্ৰেষ্ঠ কোটৱাৰ্ক প্ৰতিযোগিৰ " খিতাপ অৰ্জন কৰে। প্ৰতিযোগিতা খনত বিচাৰক হিচাপে আছিল অভিনেত্ৰী ৰবীনা টেণ্ডন, অভিনেতা অমন বৰ্মন, অমৃত নাংগিয়া আৰু ৰিতু শিৱপুৰী। 

নগাঁও জিলাৰ ৰহাৰ ৰূপহীতলিৰ জুনু কোঁৱৰ আৰু পবিত্ৰ কোঁৱৰৰ জীয়ৰী সুষমা কোঁৱৰৰ সফলতাত সমগ্ৰ ৰাজ্যখনৰ লগতে ৰহাবাসী ৰাইজ গৌৰৱ অনুভৱ কৰিছে। উল্লেখযোগ্য যে প্ৰতিযোগিতা খনত উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ প্ৰতিযোগী আছিল সুষমা কোঁৱৰ। সুষমা কোঁৱৰ চণ্ডীগড় ইনষ্টিটিউট অৱ টেকনলজী মেনেজমেণ্টৰ এয়াৰ লাইনচ টুৰিজিমৰ স্নাতকোত্তৰৰ ছাত্ৰী ।