
newsnextone.comঅভয়াপুৰীঃ অসম ধ্বংসকাৰী নাগৰিকত্ব সংশোধনী আইন বাতিল কৰাৰ দাবীত বুধবাৰে পুৱাই গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদে বঙাইগাঁৱত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ কেন্দ্ৰীয় চৰকাৰে লব বিছৰা অসম ধ্বংসকাৰী সিদ্ধান্তৰ বিৰুদ্ধে সংগঠনটোৰ নেতা-কৰ্মীয়ে পুৱাই ৰাজ পথলৈ ওলাই আহি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে পথ অৱৰোধ কৰি ৰাজপথ উত্তাল কৰি তোলে৷
সমগ্র অসমত প্ৰতিবাদৰ জোৱাৰ উঠাৰ সময়তে বঙাইগাঁও জিলাৰ অভয়াপুৰীত গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ বঙাইগাঁও জিলা সমিতিয়ে নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতিকী দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।
প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰা প্ৰতিবাদকাৰীয়ে দেওহাটীত ৩১নং (খ) ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে৷ কেন্দ্ৰীয় চৰকাৰ হায় হায়, অসমীয়াৰ স্বাভিমানক লৈ খেলা কৰা নচলিব আদি শ্ল’গানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি বিজেপি দল আৰু চৰকাৰক অসম বিৰোধী আখ্যা দিয়ে৷
গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক হাচিফুল ইছলামে বিধেয়কখন অসমৰ ৰাইজৰ ওপৰত ষড়যন্ত্ৰমূলক ভাবে জাপি নিদিবলৈ চৰকাৰক আহ্বান জনোৱাৰ লগতে এই সন্দৰ্ভত চৰকাৰে জাতিধ্বংসকাৰী সিদ্ধান্ত গ্ৰহণ কৰে তেন্তে ইয়াৰ বিৰুদ্ধে তীব্ৰ আন্দোলন গঢ়ি তোলা হ’ব বুলি সংগঠনটোৱে হুংকাৰ দিয়ে।