
নলবাৰীঃ ৰাজ্যৰ থলুৱা ইছলামধৰ্মীসকলৰ একমাত্ৰ জাতীয় সংগঠন সদৌ অসম গৰিয়া মৰিয়া-দেশী জাতীয় পৰিষদে অসমীয়া জাতীৰ বিপদৰ কালত সক্ৰিয় ভূমিকা পালন কৰি আহিছে৷ ৰাজ্য খনৰ বিভিন্ন দল-সংগঠনৰ সৈতে লগলাগি বিভিন্ন সময়ত চৰকাৰৰ জন বিৰোধী নীতিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে৷
বঞ্চিত, অৱহেলিত খিলঞ্জীয়া ইছলামধৰ্মী সকলৰ এক বৰ্ণিল ইতিহাসো আছে৷ আহোম-মোগলৰ যুদ্ধৰ পৰা আৰম্ভ কৰি, দেশৰ স্বাধীনতা আন্দোলন, অসমৰ বিদেশী আন্দোলনত এই সকৰ খিলঞ্জীয়াৰ গুৰুতৰ ভূমিকা আছে, সেয়া আজিও ইতিহাসৰ পৃষ্ঠাত লিপিবদ্ধ৷
এই সংগঠনটোৱে অৱহেলিত জনগোষ্ঠীৰ কেইটাৰ লোকসকলক একত্ৰিত কৰি সকলো দিশত আগুৱাই নিয়াৰ চেষ্টা অব্যাহত ৰখাৰ লগতে নলবাৰীৰ নাট্য মন্দিৰত সদৌ অসম গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ নলবাৰী জিলা সমিতিয়ে নামনি অসমৰ কেন্দ্ৰীয় কৰ্মশালাৰ অাযোজন কৰা হৈছে।
অহা ১৭ ডিচেম্বৰত এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব কৰ্মশালাৰ৷ সেইদিনা পুৱা ৯ বজাত পতাকা উওোলন, ৯.১৫ বজাত শ্বহীদ তৰ্পন, ৯.৩০ বজাত বৃক্ষ ৰোপন, ১০.৩০ বজাত কৰ্মশালাৰ দ্বাৰ মুকলি কৰিব সংগঠনটোৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক অাজিজুৰ ৰহমানে।
অনুষ্ঠানত মুখ্য অতিথি হিচাপে সদৌ অসম ছাএ সন্থাৰ সভাপতি দিপাংক নাথ, নিখিল বড়ো ছাএ সন্থাৰ সভাপৰি প্ৰমোদ বড়ো, গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ মুখ্য উপদেষ্টা চহিৰ ভূঞা, বিশিষ্ট অতিথি হিচাপে স্থানীয় বিধায়ক অশোক কুমাৰ শৰ্মা, অামন্ত্ৰীত অতিথি হিচাপে নলবাৰী জিলা ছাএ সন্থাৰ সভাপতি গুনজিৎ পাঠক, অসম জাতীয়তা বাদী যুৱ-ছাএ পৰিষদৰ নিৰোদ দাস, নলবাৰী হৰিমন্দিৰৰ সমিতিৰ সম্পাদক নগেন ডেকা উপস্থিত থাকিব। সমূহ ৰাইজৰ উপস্থিতি তথা সহায়-সহযোগ কামনা কৰিছে গৰিয়া-মৰিয়া দেশী জাতিয় পৰিষদ নলবাৰী জিলা সমিতিৰ সভাপতি ৰিয়াজুল হক অাৰু সম্পাদক মইনুল হকে৷