গোৱালপাৰাঃ ক্ৰমান্বয়ে জটিল হ’ব ধৰিছে ৰাজ্যৰ বান পৰিস্থিতি৷ উজনি-নামনি সকলোতে এতিয়া বুৰ গৈছে শ শ গাঁও৷ গোৱালপাৰা জিলাতো বান পৰিস্থিতিয়ে জটিল ৰূপ লৈছে।

জিলাখনৰ লক্ষীপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বিস্তীৰ্ণ অঞ্চল ব্ৰহ্মপুত্ৰ নদীৰ বাঢ়নী পানীয়ে বুৰাই পেলােৱাত হাহাকাৰ কৰিব লগা হৈছে শ শ পৰিয়ালে।

জলেশ্বৰ বিধান সভা সমষ্টিৰ বিভিন্ন ঠাইত ভয়াবহ ৰূপ ধাৰণ কৰিছে বানে। সমষ্টিটোৰ চৰাঞ্চল কদমতলা, সাতচিমলা, টাৰীয়াৰ ভিটা, থুৰথুৰী, বাতাপৰা, টাংভিটা, টাকিমাৰী আদি কৰি প্ৰায় কুৰিখন ৰাজহ গাঁও বানৰ কবলত পৰিছে।

বহু ঠাইত ঘৰৰ মূধচৰ ওপৰেৰে পানী বৈ যোৱাত ওখ ঠাই বিচাৰি হাহাকাৰ কৰিবলগীয়া হৈছে বহু লোকে। ইয়াৰ পিছতো খবৰ নাই জিলা প্ৰশাসনৰ।

জিলাখনৰ ব্ৰহ্মপুত্ৰ নদীৰ পানী বিপদ সীমাৰ ওপৰেৰে বৈ থকাৰ লগতে ব্ৰহ্মপুত্ৰৰ লগতে কৃষ্ণাই, দুধনৈ আৰু জীনাৰী নৈৰ পানী দ্রুত গতিত বাঢ়িবলৈ ধৰাত পৰিস্থিতি অধিক জটিল হোৱাৰ আশংকা আছে৷