গোৱালপাৰাঃ যোৱা দহ বছৰ ধৰি পুখুৰী সদৃশ পথেৰে বোকা পানীৰ মাজেৰে আহ-যাহ কৰি আহিছে শ শ লোকে৷ এজাক বৰষুণ দিলে হাতত ছেণ্ডেল লৈ খোজকাঢ়িব লগা ছাত্ৰ-ছাত্ৰী, ব্যৱসায়ী চাকৰিয়ালে৷ পোন্ধৰৰ বছৰীয়া কংগ্ৰেছ চৰকাৰে পথটো মেৰামতি কৰাত গুৰুত্ব আৰোপ নকৰাৰ লগতে বিজেপি চৰকাৰ খনেও পথটো নিৰ্মাণ তথা মেৰামতিৰ বাবে তিলমানো গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন হৈছে৷

গোৱালপাৰা জিলাৰ ৰংজুলি উন্নয়ন খণ্ডৰ অন্তৰ্গত শিমলিতোলাৰ জীয়াগুৰি-পালপাৰা সংযোগী পথৰ কদৰ্য অৱস্থাৰ বাবে বছৰৰ ৬-৭ মাহ যমৰ-যাতনা ভোগ কৰিব লগা হয় ৰাইজে৷ জীয়াগুৰি-পালপাৰা সংযোগী মথাউৰিটোক ৰাইজে বছৰ বছৰ ধৰি পথ হিচাপে ব্যৱহাৰ কৰি আহিছে৷ বৰষুণ দিলেই মথাউৰিত শালিখেতি, ৰবি খেতি আনকি ব’ৰ ধানৰ খেতিও কৰিব পৰা অৱস্থা হয়৷ জীয়াগুৰি, ফকিৰপাৰা,খেৰোপাৰা, গাছবাৰী আদি অঞ্চলৰ ৰাইজৰ একমাত্ৰ পথ এইটো৷

বৃহত্তৰ অঞ্চলৰ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে স্কুল-কলেজলৈ এই পথটোৰে আহ-যাহ কৰে৷ জানিব পৰা মতে, দিনে-নিশাই পথটোৰে শ শ ট্ৰেক্টৰ, ট্ৰাক আদিয়ে শিল, বালি, ইটাৰ অনা নিয়া কৰে পথটো দ্বংস কৰি পেলাইছে। যাৰ বাবে সাধাৰণ ৰাইজৰ লগতে ছাত্ৰ-ছাত্ৰীসকলে বিদ্যালয়লৈ অহা যোৱা কৰাত যথেষ্ঠ অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে।

পথটোৰ পুখুৰীসদৃশ প্ৰকাণ্ড-প্ৰকাণ্ড গাঁতৰ বাবে চাইকেল, ঠেলা চলোৱা লোকসকলৰ বাবে একপ্ৰকাৰৰ অত্যন্ত কষ্টকৰ হৈ পৰিছে। বিগত দহ বছৰে জীয়াতু ভুগি আহিছে বিশেষকৈ বানপানীৰ সময়ত বৃহৎ এলেকাৰ লোকসকলৰ অসুবিধাৰ সন্মুখীন হয় বুলি মত প্ৰকাশ কৰিছে ৰাইজে। পথটো দুই এবাৰ মেৰামতি কৰিছিল যদিও কেইগাড়ীমান মাটি, শিল ছটিয়াই দায়িত্ব সাৰে৷ বিজেপি চৰকাৰখনক  পথটো নিৰ্মাণ কৰিবলৈ আহ্বান জনায় ৰাইজে৷