গোলাঘাটঃ গোলাঘাটৰ মাজ মজিয়াত থকা এটা পথ। বুৰঞ্জী প্ৰসিদ্ধ ধোদৰ আলিৰ এইছোৱা পথ চহৰখনৰ হিন্দী স্কুল চাৰিআলি অঞ্চলৰ।

সদাব্যস্ত এই পথেদি হাজাৰ হাজাৰ যান-বাহনকে ধৰি স্কুল-কলেজৰ বহু ছাত্ৰ-ছাত্ৰী আহা-যোৱা কৰে। কিন্তু এই পথছোৱাৰ অৱস্থা তথৈৱচ। এনে পৰিস্থিতিত দৈনিক পথছোৱাৰে অহা-যোৱা কৰাসকলে ভোগ কৰিবলগীয়া হৈছে যমৰ যাতনা। এই পথৰ দুৰৱস্থাৰ বাবে কেইবাটাও দুৰ্ঘটনা ইতিমধ্যে সংঘটিত হৈছে।

পৰিৱৰ্তনৰ শ্ল'গানেৰে ক্ষমতালৈ অহা চৰকাৰখনৰ উন্নয়নমূলক কাম কিন্তু চকু পৰা নাই ৰাইজৰ।  

গৰকাপ্টানী বিভাগত এই সন্দৰ্ভত কেইবাবাৰো অভিযোগ দিয়াৰ পাছটো গা নলৰিল বিভাগীয় কৰ্তৃপক্ষৰ। বৰ্তমান এজাক বৰষুণৰ পাছতে পথৰ পৰিৱৰ্তে পুখুৰীলৈ ৰূপান্তৰিত হয় এইছোৱা পথ।