গোলাঘাটঃ জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সমগ্ৰ অসমতে চলি আছে প্ৰতিবাদ। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বিভিন্ন দল-সংগঠনে প্ৰতিবাদ চলাই থকাৰ মাজতে সকলো জিলাৰ উকীল সন্থাই শুকুৰবাৰে নিজ নিজ সদৰত সভা, সমদলেৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

গোলাঘাটতো উকীল সন্থায়ো এই বিধেয়কৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰে। সন্থাই এক প্ৰতিবাদী সভা আযোজন কৰাৰ লগতে এক সমদলো উলিয়ায়।

গোলাঘাট উকীল সন্থাৰ সম্পাদক দুৰ্গা জয়ছোৱালে ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক এই বিধেয়কে ভাৰতৰ সংবিধানৰ আত্মাটোকে কুঠাৰাঘাট কৰিলে বুলি মন্তব্য কৰে। সোণোৱালে নাগপুৰৰ নাগপাশৰপৰা নিজকে মুক্ত কৰিবলৈ আহ্বান জনায়।

নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে মোদী চৰকাৰে বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ নিৰ্যাতিত লোকক সংখ্যালঘুক ভাৰতলৈ অনা হ'ব বুলি যি প্ৰচাৰ শাসক পক্ষই চলাইছে, ইয়াক জয়ছোৱালে প্ৰত্যাহ্বান জনায়। তেওঁ প্ৰশ্ন কৰে, সেই দেশকেইখনত নিৰ্যাতন হোৱাৰ প্ৰমাণ-পত্ৰ কোনে দিব? 

অধিক বাৰ্তাৰ বাবে তলৰ ভিডিঅ'টো চাওকঃ