13
Aug
2017

গোলকগঞ্জঃ বানৰ কবলত নামণি অসমৰ ধুবুৰি জিলা৷ ধুবুৰী জিলাৰ গোলকগঞ্জ বিধান সভা সমষ্টিৰ অন্তৰ্গত বহু গাঁও জলমগ্ন হৈ পৰাত ব্যাপক সমস্যাত পৰিছে।
গংগাধৰ নৈ বাঢ়নী পানীয়ে গোলকগঞ্জৰ বৰুণডাঙা গাঁও পঞ্চায়ত, বিছনদৈ গাঁও পঞ্চায়তৰ হৰিৰহাট, কাচখানা, মৰাগধাধৰ, কুমাৰগঞ্জ, আদিৰ লগতে বহু গাঁও বানৰ কবলত পৰি হাহাকাৰ কৰিব লৰগা হৈছে৷
হাজাৰ হাজাৰ বিঘা ধান খেতি নষ্ট হোৱাৰ উপক্ৰম হৈছে৷ ৰাস্তা-ঘাট, ঘৰ-দুৱাৰ, বুৰ যোৱাত বিপদত পৰে লোকসকলে৷ পোহনীয়া জীৱ-জন্তূৰ ব্যাপক ক্ষয়ক্ষতি হোৱাৰ পাছতো প্ৰশাসনে খবৰ নোলোৱাৰ অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে৷ বহু লোক আশ্ৰয় শিবিৰত থাকিবলৈ বাধ্য হৈছে৷