26
Aug
2018

newsnextone.com | তেজপুৰঃ দিনক দিনে সোণৰ মূল্য বৃদ্ধি পাইছে যদিও অসমত কেঁচা সোণৰ চাহিদা পূৰ্বৰ তুলনাত বৃদ্ধি পোৱাহে পৰিলক্ষিত হৈছে।
অসমত সোণৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখিয়েই ন ন অসমীয়া তথা উত্তৰ পূৰ্বাঞ্চলৰ অলংকাৰৰ সৈতে নৱ জাগৰণৰ সূচনা কৰিছে ধেমাজীৰ ৰবীন কোঁৱৰৰ নেতৃত্বৰ এটি 'কেঁচা সোণ' উদ্যোগে। 'কেঁচা সোণ' নামৰ এই উদ্যোগটোৰ দ্বাৰা ৰাজ্যৰ প্ৰায় ৭৫০০ পৰিয়াল উপকৃত হৈছে।
শদিয়ৰ পৰা ধুবুৰীলৈ ইতিমধ্যে প্ৰায় ১৭ খন বিপনী মুকলি কৰা হৈছে এই 'কেঁচা সোণ' ৷ আনহাতে, দেওবাৰে তেজপুৰতো উত্তৰ পাৰৰ শ্ৰেষ্ঠ বিপনী খন মুকলি কৰা হয়।
'কেঁচা সোণ' নামৰ উদ্যোগটোৰ কৰ্মকৰ্তা সকলে জানিবলৈ দিয়া মতে, এই বিপনী খনত উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন গহনা লাভ কৰাৰ লগতে গ্ৰাহকে অসমৰ পাট-মুগাৰ বস্ত্ৰ আদিও লাভ কৰিব পাৰিব।