
লালুকঃ লখিমপুৰ জিলাৰ বঙালমৰাত যোৱা নিশা আৰক্ষীয়ে চলোৱা নিয়মীয়া তালাচীৰ সময়ত AS 07 C 5816 নম্বৰৰ এখন টাটা মেজিকত অহা দুজন মণিপুৰী যুৱকৰ পৰা আৰক্ষীয়ে প্ৰায় ডেৰ কিল’গ্ৰাম ওজনৰ এখন সোণৰ নাওঁ জব্দ কৰিবলৈ সক্ষম হয় ৷
পিছত প্ৰবঞ্চিত মণিপুৰৰ লেঞ্জালাল ল’বাম (৩২) আৰু চেইলিনলাল ল’বাম(৩০) ভাতৃদ্বয়ৰ স্বীকাৰোক্তিৰ ভিত্তিত নিশাই নকল সোণ বিক্ৰী কৰা প্ৰবঞ্চকৰ বিৰুদ্ধে অভিযান চলাই বঙালমৰা আৰক্ষীয়ে৷
মেজিকখনৰ চালক ইদ্ৰীছ আলীৰ সহযোগত মাজনিশা আৰক্ষীৰ দল নাওবৈছাৰ ম'হঘূলিৰ প্ৰবঞ্চকৰ ঘাটিত উপস্থিত হোৱাৰ সময়তে প্ৰবঞ্চকৰ দলটিয়ে স্থানীয় একাংশ লোকৰ সহায়ত আৰক্ষীলৈ লক্ষ্য কৰি শিল, ইটা নিক্ষেপ কৰে৷ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষী বিষয়া জন পাঠৰীয়ে শূন্যলৈ দুই জাই গুলী নিক্ষেপ কৰি কোনো মতে প্ৰাণ লৈ ঘটনাস্থলীৰ পৰা পলায়ন কৰে৷
এই ঘটনাত আৰক্ষীৰ লগতে স্থানীয় কেইবাজনো লোক কম-বেছি পৰিমাণে আঘাতপ্ৰাপ্ত হয়৷ সম্প্ৰতি এই ঘটনাই সমগ্ৰ জিলাখনতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ উল্লেখ্য যে ল’বাম ভাতৃদ্বয়ে কিছুদিন পূৰ্বে ম'হঘূলিৰ প্ৰবঞ্চকৰ দলটিৰ পৰা চাৰে চাৰি লাখ টকাৰ বিনিময়ত প্ৰায় এক কিল’গ্ৰাম ওজনৰ এখন নকল সোণৰ নাওঁ ক্ৰয় কৰি লৈ গৈছিল ৷
পাছত ভাতৃদ্বয়ে সেয়া নকল বুলি জানিব পাৰি পুনৰ প্ৰবঞ্চকৰ দলটোৰ লগত যোগাযোগ কৰাত দলটিয়ে ভুলতে নকল সোণৰ নাওঁখন তেওঁলোকক প্ৰদান কৰা বুলি পতিয়ন নিয়াই পুনৰ প্ৰকৃত সোণৰ নাওখন নিবৰ বাবে মাতি আনে৷
কালি পুনৰ ৫লাখ আশী হেজাৰ টকাৰ বিনিময়ত আন এখন নকল সোণৰ নাওঁ ক্ৰয় কৰি গৃহাভিমুখী হওঁতেই আৰক্ষীৰ জালত পৰে ভাতৃদ্বয় ৷ উল্লেখ্য যে লেঞ্জালাল ল’বাম নামৰ যুৱকজন ভাৰতীয় সেনা জোৱান ৷
ইপিনে ল’বাম ভাতৃদ্বয়ৰ অভিযোগৰ ভিত্তিত বঙালমৰা আৰক্ষীয়ে নকল সোণৰ ব্যৱসায়ত জড়িত প্ৰবঞ্চক ক্ৰমে ম'হঘূলিৰ আইনুল ইছলাম, ৰকিবুল ইছলাম, সমীৰ আলী আৰু এগৰাকী মহিলাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে৷
উল্লেখ্য যে একাংশ আৰক্ষী বিষয়াৰ ছত্ৰ-ছায়াঁতে দীৰ্ঘদিন ধৰি লখিমপুৰ জিলাখনত এটা চক্ৰই জালনোট আৰু নকল সোণৰ এক ৰমৰমীয়া বেহা চলাই আহিছে ৷ প্ৰবঞ্চকৰ দলে সোণ আৰু টকা দিয়াৰ নামতে কৌশলেৰে বহিঃৰাজ্যৰ লোকসকলক ফোনযোগে মাতি আনি প্ৰবঞ্চনা কৰি আহিছে ৷ আৰক্ষীৰ দুৰ্বলতাৰ বাবেই সম্প্ৰতি নকল সোণৰ ব্যৱসায়ীয়ে আৰক্ষীকো আক্ৰমণ কৰিবলৈ সাহস কৰা পৰিস্থিতিৰ সৃষ্টি হৈছে৷