- আসাম চায়েন্স টেকন'লজি এণ্ড এনভাৰেণমেণ্ট কাউন্সিলৰ তৰফৰ পৰা দুই লাখ টকা প্ৰদানৰ আশ্বাস

কাজিৰঙাঃ প্ৰকৃতি সংগঠন কাজিৰঙা ৱাইল্ড চ'চাইটিৰ আজি সোণালী জয়ন্তী বৰ্ষৰ প্ৰথম কাৰ্যসূচী কাজিৰঙাৰ কঁহৰাত অনুষ্ঠিত হয়। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰাক্তন সঞ্চালক সঞ্জীৱ বৰাই উদ্যানখনৰ বিভিন্ন বিষয় কেন্দ্ৰ কৰি তোলা ফটোগ্ৰাফীৰ প্ৰদৰ্শনী অনুষ্ঠিত কৰা হয়। অনুষ্ঠানৰ লগত সংগতি ৰাখি বিশিষ্ট ফটোগ্ৰাফাৰ তথা কাজিৰঙা ৱাইল্ড চ'চাইটিৰ পূৰ্বৰ সদস্য প্ৰয়াত জয়ন্ত দত্তৰ সোঁৱৰণত আয়োজিত ফটোগ্ৰাফী প্ৰদৰ্শনীখনি মুকলিৰ পূৰ্বে বিশিষ্ট ফটোগ্ৰাফাৰ দত্তৰ পত্নী লীলা দত্তৰ লগতে অসম চৰকাৰৰ মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই ফটোগ্ৰাফাৰ দত্তৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে। ইয়াৰ পাছতেই মন্ত্ৰী ব্ৰহ্মই ফিটা কাটি ফটোগ্ৰাফীৰ প্ৰদৰ্শনীৰ দ্বাৰ মুকলি কৰে।
অনুষ্ঠানৰ লগত সংগতি ৰাখি কাজিৰঙালৈ অহা পৰ্যটকৰ বাবে চাইকেল ৰাইডিঙৰ ব্যৱস্থাৰ মুকলি কৰা হয়। সংস্থাটোৰ সোণালী জয়ন্তী উপলক্ষে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কনভেনচন চেন্টাৰত প্ৰকৃতি সংৰক্ষণৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱা লোকক সম্ভাষণ জনোৱাৰ উদ্দেশ্যত এখনি সভা অনুষ্ঠিত কৰা হয়। সংগঠনটোৰ সোণালী জয়ন্তী বৰ্ষৰ অভ্যৰ্থনা সমিতিৰ সভাপতি ইন্দ্ৰজিৎ দত্তই সঞ্চালনা কৰা অনুষ্ঠানটিত কাজিৰঙা ৱাইল্ড লাইফ চ'চাইটিৰ সভাপতি পদুম বৰঠাকুৰে আদৰণি ভাষণ আগবঢ়ায়। সংগঠনটোৰ সচিব তথা পৰিৱেশ কৰ্মী মুবিনা আখতাৰে উদ্দেশ্য ব্যাখ্যা কৰি কয় যে অসমৰ বিভিন্ন প্ৰান্তত বন সুৰক্ষাৰ বাবে সংগঠনটোৱে কচৰৎ কৰি আহিছে। তেখেতে বনধ্বংস যজ্ঞত লিপ্ত সকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক অনুৰোধ জনায়। তেখেতে কাজিৰঙা ৱাইল্ড লাইফ চ'চাইটিৰ সামগ্ৰিক উদ্দেশ্য তথা কৰ্মপন্থাও সভাত অৱগত কৰে।
অতন্দ্ৰ পহৰীৰ দৰে কাম কৰা উদ্যানখনৰ ষ্টাফ ৱেলফাৰ চ’চাইটিলৈ কাজিৰঙা ৱাইল্ড লাইফ চ'চাইটিৰ তৰফৰ পৰা অনুষ্ঠানতে সম্বৰ্ধনা পত্ৰ আগবঢ়োৱা হয়৷ তদুপৰি, জ্যেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈ উপস্থিত থকা অনুষ্ঠানটোত গঁড় সুৰক্ষাৰ বাবে অহৰহ কচৰৎ কৰি অহা আৰক্ষী বিষয়া দেৱেন বৰা, কাজিৰঙাৰ বন বিভাগক কেন্দ্ৰ কৰি গঢ়ি উঠা পৰ্যটন উদ্যোগৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত অভূতপূৰ্ব সেৱা আগবঢ়োৱা কামিনী প্ৰসাদ বৰুৱাক মৰণোত্তৰ ভাৱে সন্মান জনোৱাৰ লগতে সংগঠনটোৰ বিভিন্ন জনক সম্ভাষণ জনোৱা হয়। মন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্মক অনুষ্ঠানতে কাজিৰঙা জীপ ছাফাৰি সংস্থাৰ তৰফৰ পৰা উষ্ম সম্ভাষণ জনোৱা হয়। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক আকাশদ্বীপ বৰুৱা উপস্থিত থকা অনুষ্ঠানত উপস্থিত থাকি আসাম চায়েন্স, টেকন'লজি এণ্ড এনভাৰেণমেণ্ট কাউন্সিল চমুকৈ এছটেকৰ সঞ্চালক অৰূপ মিশ্ৰই কাজিৰঙা ৱাইল্ড লাইফ চ'চাইটিৰ কৰ্মক প্ৰশংসা কৰি প্ৰকৃতি সুৰক্ষাৰ ক্ষেত্ৰত উৎসাহ দিবৰ হেতু সংগঠনটোক দুই লাখ টকা দিয়াৰ কথা ঘোষণা কৰে।