বঢ়মপুৰঃ নগাঁও জিলাৰ পুৰণিগুদামৰ এতিহ্যমণ্ডিত ড০ বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়ৰ সোণালী জয়ন্তী সমাৰোহ বৰ্নিল কাৰ্যসুচীৰে অনুষ্ঠিত হৈ যোৱাৰ পিছতেই জিলা খনৰ আন এখন ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠানে ২৭ অক্টোবৰৰ পৰা তিনিদিনীয়া কাৰ্যসুচীৰে অনুষ্ঠিত কৰিছে সোণালী জয়ন্তী সমাৰোহ৷

নগাঁও জিলাৰ মৰঙ্গীয়ালস্থিত মধ্য নগাঁও সংস্কৃত টোলে দেওবাৰৰ পৰা পালন কৰিছে সোণালী জয়ন্তী সমাৰোহ৷ নগাঁও জিলাৰ সংস্কৃত টোলৰ ভিতৰতে অন্যতম নগাঁও সংস্কৃত টোলে ৫০ বছৰ গৰকাত মৰঙ্গীয়ালৰ ৰাইজে দীৰ্ঘদিনিয়া প্ৰস্তুতিৰ অন্তত দেওবাৰৰ পৰা অনুষ্ঠিত কৰিছে সোণালী জয়ন্তী উদযাপনৰ৷

১৯৭৬ চনত স্থাপন কৰা টোলখনে সমগ্ৰ বছৰটো সময়ে সময়ে বিভিন্ন কাৰ্যসুচীৰে সোণালী জয়ন্তী পালন কৰিছে৷ তিনি দিনিয়াকৈ বিভিন্ন কাৰ্যসূচীৰ মাজেৰে উদযাপন কৰি সোণালী জয়ন্তীৰ দেওবাৰে অন্তিম দিন৷ পুৱাই সাংস্কৃতিক শোভাযাত্ৰাৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়৷ অঞ্চলটোৰ বহু কেইজন গণ্য-মান্য ব্যক্তি, প্ৰাক্তন ছাত্ৰ-ছাত্ৰী, শিক্ষক সহিতে কেইবা শতাধিক লোকে অংশ গ্ৰহণ কৰে শোভাযাত্ৰাত৷