বৰপথাৰঃ দেওবাৰে গোলাঘাটৰ ধনশিৰিৰ বিলগাঁৱত গণমঞ্চৰ এখন সভা অনুষ্ঠিত হয়৷ বিলগাঁৱ ৰূপকোঁৰ জোতি মঞ্চত অনুষ্ঠিত সভাত গণ মঞ্চৰ ৰতনপুৰ আঞ্চলিক সমিতিখন গঠন কৰা হয়।

অৱসৰপ্ৰাপ্ত শিক্ষক যোগেন দুৱৰাৰ সভাপতিত্বত অনুষ্ঠিত সভাত অঞ্চলটোৰ ভালে সংখ্যক গণ্য-মান্য লোক উপস্থিত থাকে৷

সভাত ধনশিৰি গণ মঞ্চৰ সভাপতি ৰাজীৱ শইকীয়া, সম্পাদক মনোজ গগৈ, চাহ কোষৰ সম্পাদক দুধনাথ সিং আদি কৰি কেন্দ্ৰীয় সমিতিৰ কেইবাজনো বিষয়-ববীয়া উপস্থিত থাকে। সভাত ভৱানী ছেত্ৰীক সভাপতি আৰু জয়ন্ত কোঁৱৰক সাধাৰণ সম্পাদক হিচাপে লৈ  ৪১জনীয়া ৰতনপুৰ আঞ্চলিক গণমঞ্চৰ সমিতি গঠন কৰা হয়।