ৰঙিয়াঃ পৰিৱৰ্তনৰ চৰকাৰৰ দিনত নেতা-মন্ত্ৰী-বিধায়কে জনসাধৰণৰ পৰা ধন লুটি খায়৷ কিন্তু কোনেও নিদিয়ে৷ দেখা যায় কোনো মন্ত্ৰী-বিধায়কে যদি আনক সহায় কৰে, সেয়া যেন এক নাভূত নাশ্ৰুত কাণ্ড হে হৈ পৰে৷

কিন্তু তেনে এক নাভূত-নাশ্ৰুত ঘটনাক বাস্তৱ কৰি দেখুৱালে ৰঙিয়াৰ বিধায়ক ভবেশ কলিতাই৷ ৰঙিয়া সমষ্টিৰ আদৰ্শ বিধায়কগৰাকীয়ে আজি ৰঙিয়াৰ পূৱ বগৰীবাৰীৰ ৰাইজৰ কাষত থিয় হৈ অনুসূচিত জনজাতিৰ চল্লিশগৰাকী মহিলাক আশীহাজাৰ টকা নিজৰ দৰমহাৰ ধন খৰচ কৰি গাহৰি বিতৰণ কৰে৷

বিধায়কগৰাকীৰ এনে সদয় মনোভাৱত স্বাভাৱিকতে নৈপৰীয়া অঞ্চলটোৰ ৰাইজ উৎফুল্লিত হৈ পৰে আৰু বিধায়কগৰাকীৰ এনে প্ৰচেষ্টাক আদৰণি জনায়৷ বিধায়ক ভৱেশ কলিতাই নিজৰ গাঁঠিৰ ধন খৰছ কৰি গাহৰি বিতৰণ কৰি অনুসূচিত জনজাতিৰ মহিলাসকলক এক স্বাবলম্বিতাৰ বাট দেখুৱাই দিয়ে৷