
নগাওঃ ৰাজ্যৰ দুগৰাকী কবিক আন্তঃৰাষ্ট্ৰীয় কবিতা মহোৎসৱলৈ আমন্ত্ৰণ জনোৱাত উৎফুল্লিত হৈ পৰিছে নগাঁওবাসী৷ অন্ধ্ৰপ্ৰদেশৰ গুন্তোৰত অহা ২১ আৰু ২২ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব লগা দশম আন্তঃৰাষ্ট্ৰীয় কবিতা মহোৎসৱলৈ আমন্ত্ৰণ লাভ কৰিছে নগাঁৱৰ দুই কবিয়ে৷ সৌভাগ্যৱান কবি দুগৰাকী হৈছে বিপুল চন্দ্ৰ কলিতা আৰু পাৰ্থজিৎ বৰা ৷
নগাঁৱৰ ৰহা নিবাসী চাপৰমুখ বিবি কাঞ্চাৰিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক বিপুল চন্দ্ৰ কলিতাই ১৯৮৫ চনৰ পৰাই সাহিত্য চৰ্চা কৰি আহিছে ৷ইতিমধ্যে কেইবাখনো স্মাৰক গ্ৰন্থ সম্পাদনা কৰা কলিতাৰ 'Let the Pen Speach' নামৰ জাপানৰ কবিতা সংকলনত বহুকেইটা কবিতা প্ৰকাশ পোৱাৰ লগতে 'Rock Pebble' তো কবিতা প্ৰকাশ পাইছে ৷ইফালে,আনগৰাকী কবি পাৰ্থজিৎ বৰাৰ ঘৰ কামপুৰৰ দেউৰী গাঁৱত ৷নগাঁৱৰ এখন কণিষ্ঠ মহাবিদ্যালয়ৰ প্ৰবক্তা পাৰ্থজিৎ বৰাৰ উত্তৰ-পূৰ্বাঞ্চলৰ কেইবাখনো ইংৰাজী বাতৰি কাকতৰ লগতে মণিপুৰৰ 'The Sangai Express'ত বৰাৰ কবিতা প্ৰকাশ পাই আহিছে ৷
২০১৫--১৬ বৰ্ষত নগাঁও শিক্ষণ মহাবিদ্যালয়ৰ শ্ৰেষ্ঠ সাহিত্যিকৰ বঁটা লাভ কৰা বৰা দীৰ্ঘদিনে সাহিত্য চৰ্চাত জড়িত হৈ আছে ৷উল্লেখ্য,আন্তঃৰাষ্ট্ৰীয় কবিতা মহোৎসৱত 'Sympho ny of peach' বিশেষ কাব্য সংকলনত বিপুল চন্দ্ৰ কলিতাৰ 'Silent Journey' আৰু পাৰ্থজিৎ বৰাৰ 'Anklets Lost' শীৰ্ষক কবিতা প্ৰকাশ পাব ৷এই দুয়োগৰাকী কবি এনেদৰে আন্তঃৰাষ্ট্ৰীয় কবিতা মহোৎসৱলৈ আমন্ত্ৰিত হোৱাত নগাঁওবাসীয়ে গৌৰৱ অনুভৱ কৰিছে৷