29
May
2017

ডিজিটেল ডেস্কঃ আপুনি যদি দুঃসাহসিক অভিযানৰ নাম শুনি ৰোমাঞ্চিত হৈ উঠে তেন্তে ভাল কথা। কিন্তু যদিহে আপোনাৰ এখন ৰয়েল এনফিল্ড বাইক আছে, তেন্তে ডাবল এডভাণ্টেজৰ সাজু হওক।
কিয়নো ৰয়েল এনফিল্ডে দুঃসাহসিক অভিযানৰ বাবে আগ্ৰহীসকলৰ বাবে আয়োজন কৰিছে এক ৰাইড কম্পিটিশ্যন।
১৪ জুনৰপৰা ১৮ জুনৰ ভিতৰত হ’বলগা এই 'স্ক্ৰেম্বল’ নামৰ এই প্ৰতিযোগিতাখনৰ স্থান হৈছে হিমাচল প্ৰদেশৰ ৰাজধানী চহৰ চিমলা।
পুৰুষ-মহিলা উভয়ৰে বাবে এই প্ৰতিযোগিতা পৃথক পৃথক ডিজাইনত তৈয়াৰ কৰা হৈছে। এই গেম থিয়ৰীত 'বাধা’ আৰু 'চইছ’ দুয়োটাই থাকিব।
সময়, বেগ আৰু দূৰত্বৰ এক বিশেষ আৰ্হিত ডিজাইন কৰা এই প্ৰতিযোগিতাৰ বাবে ভালেকেইটা ষ্টাৰ্টিং পইণ্ট থাকিব।
এই টাইম-স্পীড-ডিষ্টেন্স অৰ্থাৎ টিএছডি আৰ্হিতে বিজয়ী বাছনি কৰিব কোম্পানীটোৱে। পঞ্জীয়নৰ বাবে এই লিংকটো ক্লিক কৰিব পাৰেঃ www.royalenfield.com/scramble।