নলবাৰীঃ নলবাৰী চহৰত মঙলবাৰে আৰু আজি চীনা সামগ্ৰী বিক্ৰী বন্ধ কৰাৰ বাবে বিভিন্ন দোকানত গৈ নলবাৰী জিলা হিন্দু জাগৰণ মঞ্চই ব্যাপক প্ৰচাৰ চলায়।

হিন্দু জাগৰণ মঞ্চৰ নলবাৰী জিলা সমিতিৰ সভাপতি বিজু দত্ত আৰু সম্পাদক মানস পাটগিৰিৰ নেতৃত্বত চীনা সামগ্ৰী বিক্ৰী নকৰিবলৈ আহ্বান জনায় আৰু সংগঠনটোৰ ফালৰ পৰা নলবাৰীৰ হীৰা আৰু কুমাৰ সকলে বনোৱা মাটিৰ চাকিৰ একোটাকৈ টোপোলা উপহাৰ দিয়ে দোকানী সকলক। এয়া সংগঠনটোৰ আদৰণীয় প্ৰচেষ্টাক ৰাইজে শলাগ লৈছে৷