নগাঁওঃ অসম চৰকাৰৰ শিক্ষা বিভাগে ইতিমধ্যে ঘোষণা কৰা দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱৰ ফলাফলত নগাঁও জিলাই পঞ্চম স্থান দখল কৰিবলৈ সক্ষম হয়৷ দ্বিতীয় পৰ্যায়ত ভাগ লোৱা জিলাখনৰ বিভিন্ন স্তৰৰ সৰ্বমুঠ ২৩২০ খন বিদ্যালয়ৰ ভিতৰত ১৭৪ খনে এ-প্লাছ লাভ কৰাৰ বিপৰীতে ৬৪১ খনে-এ, ৭৯৯ খনে-বি, ৪৭১ খনেি-চ আৰু ৩৩৫ খনে-ডি গ্ৰেড লাভ কৰে৷

ইয়াৰ ভিতৰত জিলাখনৰ খাগৰিজান শিক্ষাখণ্ডৰ অন্তৰ্গত ৰাইদঙীয়াৰ অন্যতম অগ্ৰণী তথা আগশাৰীৰ শিক্ষানুষ্ঠান নসত্ৰ প্ৰাথমিক বিদ্যালয়ে 'এ প্লাছ' গ্ৰেড পাবলৈ সক্ষম হোৱাত স্বাভাবিকতেই অঞ্চলবাসী উৎফুল্লিত হৈ পৰিছে৷ বিভিন্ন সমস্যাৰে যুজি থকা অঞ্চলটোৰ অন্যতম পুৰণি এই শিক্ষানুষ্ঠানখনে এনেদৰে উন্নত ফলাফল প্ৰদৰ্শনেৰে গৌৰব কঢ়িয়াই আনিবলৈ সক্ষম হোৱাত অঞ্চলৰ ৰাইজ, অভিভাৱক তথা ছাত্ৰ-ছাত্ৰীসকলৰ মাজত একপ্ৰকাৰে আনন্দৰ বন্যা বোৱাৰ লগতে সকলোৱে বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী অৰুণা হাজৰিকা আৰু সমূহ শিক্ষক-শিক্ষয়িত্ৰীক কৃতজ্ঞতা জ্ঞাপন কৰিছে ৷

উল্লেখ্য, এই বিদ্যালয়খনৰ পৰা প্ৰাথমিক শিক্ষা সমাপন কৰি যোৱা ছাত্ৰ-ছাত্ৰীয়ে পৰবৰ্তী পৰ্যায়ত বিভিন্ন শিক্ষানুষ্ঠানত ভাল ফলাফল প্ৰদৰ্শন কৰি অহাৰ বিপৰীতে বিগত পাঁচটা বছৰত ধাৰাবাহিকভাবে মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ প্ৰাথমিক বৃত্তি পৰীক্ষাত এই বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে বিশেষ সফলতা অৰ্জন কৰি আহিছে ৷ ইফালে, বৃহত্তৰ ৰাইদঙীয়া অঞ্চলৰে আন দুখন বিদ্যালয় আইলক্ষ্মী প্ৰাথমিক বিদ্যালয় আৰু কৰছুং প্ৰাথমিক বিদ্যালয়েও গুণোৎসৱৰ দ্বিতীয় পৰ্যায়ৰ ফলাফলত 'এ প্লাছ' গ্ৰেড লাভ কৰি অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে৷