
নলবাৰীঃ নলবাৰীৰ বিধায়ক অশোক কুমাৰ শৰ্মাই দৰিদ্ৰ পৰিয়ালৰ সন্তানক কিতাপ-পত্ৰ বিতৰণ কৰা কাৰ্ক সচেতন নাগৰিকে শলাগ লৈছে৷
আগন্তুক ২০১৮ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হবলগীয়া দুখীয়া ছাত্ৰ-ছাত্ৰীৰ মাজত বিনামূলীয়া কিতাপ-বহী কাগজ আৰু সহাযিকা পুথি বিতৰণ কৰে।
বিধায়কগৰাকীয়ে আজি সমষ্টিটোৰ ঘগ্ৰাপাৰ অঞ্চলৰ খাতিকুছিৰ পশ্চিম বনভাগ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰায় ৫০০ ছাত্ৰ-ছাত্ৰীৰ মাজত বিতৰণ কৰে।
আজি এখন সভা অনুষ্ঠিত কৰি কিতাপ-বহী কাগজ বিকৰণ কৰ্ বিধায়কগৰাকীয়ে৷ সভাত জিলা বিজেপিৰ সভাপতি বনদ্বীপ ডেকা আৰু শিক্ষাবিদ দীনমণি ভাগৱতী উপস্থিত থাকে৷
বিধান সভা সমষ্টিটোৰ প্ৰায় দুহেজাৰ দুখীয়া ছাত্ৰ-ছাত্ৰীক সহায়ক পুথি আৰু বহী-কাগজৰ লগতে বিধায়ক গৰাকীৰ ৫ বছৰৰ কাৰ্যকালৰ প্ৰতিবছৰৰ এমাহৰ দৰমহা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সৰ্বোচ্চ নম্বৰ লাভ কৰা পৰীক্ষাৰ্থীক প্ৰদান কৰিব বুলি ঘোষণা কৰে৷