মোৰাঝাৰঃ আপুনি শিক্ষিত হওঁক বা অশিক্ষিত হওঁক৷ যদি কোনো কাম নকৰি সহজতে ধনী হোৱাৰ কামনা কৰে তেন্তে ছাত্ৰ সংগঠনত যোগ দিয়ক৷ ছাত্ৰ সংগঠনত যোগ দিলেই ভয়-ভাবুকি, ধন দাবীৰে নিজৰ প্ৰয়োজনীয় সকলো কাৰ্য সুকলমে পৰিচালিত কৰাৰ লগতে সহজে নিবনুৱাৰ পৰা বনুৱা হৈ পৰিব৷ হোজাই জিলাৰ ডবকা, নীলবাগান, মোৰাঝাৰ আদি অঞ্চলৰ একাংশ ছাত্ৰ নেতাৰ কাৰ্যকলাপত ত্ৰাহি মধুসূধন সুঁৱৰিব লগা হৈছে সাধাৰণ জনতাই৷

সামাজিক কাম-কাজৰ দায়বদ্ধতাৰে গঠন হোৱা হোজাইৰ একাংশ দল সংগঠনৰ একাংশ কৰ্মীয়ে শিল-বালি কঢ়িওৱা গাড়ী ধৰি কমিছন সংগ্ৰহ কৰা, ভয়-ভাবুকিৰে ধনদাবী কৰা আদি কাৰ্যত লিপ্ত হোৱাত ছাত্ৰ সংগঠনবোৰৰ বিৰুদ্ধে স্থানীয় জনগণ ক্ষোভিত হৈ পৰিছে৷ আমছুৰ কেন্দ্ৰীয় নেতা আহমদ হুছেইন গোটৰ এজন আমছু কৰ্মীৰ বিৰুদ্ধে এজন নিৰীহ ব্যক্তিয়ে মোৰাঝাৰ থানাত ধনদাবীৰ গোচৰ দাখিল কৰাৰ এক ঘটনাই হোজাই জিলাত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

ঘটনাৰ বিৱৰণী মতে আহমদ হুছেইন লবীৰ কৰৈয়নী আঞ্চলিকৰ সভাপতি হাচিব উদ্দিন তালুকদাৰে কৰৈয়নি গাঁৱৰ নিৰীহ ৰাইজক প্ৰায়ে ভাবুকি দি আমছুৰ নামত ধন সংগ্ৰহ কৰি একপ্ৰকাৰ জংগলৰাজ চলাই গৈছে৷ গাঁওখনৰ জাকিৰ হুছেইনক আমছুৰ তথাকথিত সভাপতিজনে ফোনযোগে ভয়-ভাবুকি প্ৰদান কৰে আৰু জাকিৰ হুছেইনৰ ধানৰ মিল বন্ধ কৰি দিয়াৰ ভাবুকিৰে ধন বিচাৰে৷ ফোনত সভাপতিজনে তেওঁক ভাবুকি দি কয় যে "কালি আমাৰ আমছুৰ ল'ৰাই ডবকাত বহু শিল-বালিৰ ট্ৰাক ধৰিছে৷ আপুনি লোকেল সেইবাবে আপুনি ধানৰ ব্যৱসায় কৰি থাকক৷ অলপ-চলপ দুই নম্বৰী চলিবই৷ কিন্তু কালি টকা দুহাজাৰ পঠিয়াই দিব"৷

এইদৰে আমছুৰ কৰৈয়নী আঞ্চলিকৰ সভাপতিজনে ভাবুকি দি ধন দাবী কৰাৰ সমস্ত কথা-বাৰ্তাৰ ৰেকৰ্ডিংসহ মোৰাঝাৰ থানাত যোৱানিশা ভুক্তভোগী জাকিৰে এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে৷ উল্লেখ্য যে আমছুৰ কেন্দ্ৰীয় সম্পাদক তথা ডবকাৰ বাসিন্দা আহমদ হুছেইন তথা তেওঁৰ সাংগোপাংগোসকলৰ বিৰুদ্ধে বিন্নাকান্দি ব্লকৰ পৰা দুই লাখ টকা সংগ্ৰহ কৰাৰ বিষয়ে বুৰহান নামৰ আমছুৰ প্ৰাক্তন কৰ্মীজনে ছ'চিয়েল মিডিয়াত অভিযোগ তুলিছিল৷

উক্ত অভিযোগে হোজাইত খলকনি তোলাৰ লগতে আহমদ হুছেইন গ্ৰুপক বহুতে তাচ্ছিল্য কৰি ছ'চিয়েল মিডিয়াত নানা ইতিকিং কৰিছিল৷ এইবাৰ আহমদ হুছেইনৰ এজন আঞ্চলিক সভাপতিৰ বিৰুদ্ধে থানাত কথা-বাৰ্তাৰ ৰেকৰ্ডিংসহ গোচৰ দাখিল হোৱা ঘটনাই বুৰহানৰ উক্ত অভিযোগ সচাঁ বুলি মন্তব্য কৰিছে সচেতন মহলে৷ আমছুৰ দৰে সংগঠনত থাকি ধনদাবী আৰু ত্ৰাসৰ সৃষ্টিকৰা এইসকলৰ বিৰুদ্ধে আমছুৰ কেন্দ্ৰীয় সভাপতি আজিজুৰ ৰহমানে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব৷

ইফালে ছাত্ৰনেতাৰ বিৰুদ্ধে গোচৰ দাখিল কৰা জাকিৰ হুছেইনক গোচৰটো উঠাই ল'বলৈ এটা চক্ৰই হেঁচা প্ৰয়োগ কৰি থকাত ৰহস্যৰ সৃষ্টি হৈছে৷ মোৰাঝাৰ আৰক্ষীয়েওঁ সমস্ত প্ৰমাণ লাভ কৰাৰ পিছতো অভিযুক্তৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰাত অভিযোগকাৰীজন শংকিত হৈ পৰিছে৷ আৰক্ষীৰ নিৰ্লিপ্ততাত অসামাজিক চক্ৰই আৰক্ষীকো পৰিচালিত কৰে বুলি ভযংকৰ অভিযোগ উঠিছে৷