গৰৈমাৰী দক্ষিণ কামৰূপৰ গৰৈমাৰীত দুৰ্গতি নাশিনি দেৱী দুৰ্গাক বিসৰ্জন দিলে অগণন ভক্তই। বিজয়া দশমীৰ দিনটোতে বৈদিক প্ৰথা মতে দেৱীৰ দশমী পূজা সমাপন কৰি মহিলা সকলে দেৱীক সেন্দুৰ দি বিদায় দিয়ে। লক্ষণীয়ভাৱে প্ৰতিকূল বতৰকো নেওচি বিসৰ্জনস্থলীত অগণন ভক্তৰ সমাগম ঘটে।

শৰতৰ স্নিগ্ধ সন্ধিয়া লোকে লোকাৰণ্য হৈ পৰে। গৰৈমাৰী বজাৰস্থিত কেবাটাও পূজা মণ্ডপৰ প্ৰতিমাসমূহ মাজোৰটোপ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৰাজহুৱা পুখুৰীত বিসৰ্জন দিয়ে শ শ লোকে। পুৰুষ-মহিলা-ডেকা-গাভৰুৱে দেৱী বন্দনাত নাচি ভাগি সেন্দুৰ সানি এক উৎসৱ মুখৰ পৰিৱেশৰ সৃষ্টি কৰে।

গৰৈমাৰিত বিসৰ্জনস্থলীত ঠেলা-হেচাৰ ফলত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয় যদিও গৰৈমাৰী আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰন কৰে৷ আনহাতে দেৱী দুৰ্গাক বিসৰ্জন জিয়াৰ সময়ত এজন যুৱক অচেতন হৈ পৰাত হুৱাদুৱা লাগে৷ একাংশ লোকে যুৱকজনক চিকিৎসালয়ত নিয়াৰ পৰিবৰ্তে আন উপায়েৰে সুস্থ কৰাৰ চেষ্টা চলোৱা পৰিলক্ষিত হয়৷