
গোৰেশ্বৰঃ এখন কিতাপ পঢ়ি এটা ভাল কথা জনাই নহয় এটা ভাল ব্যৱস্থালৈ লৈ যাব পাৰি। এখন ভাল গ্ৰন্থ এজন ভাল বন্ধুতকৈও বহু মূল্যবান। এই মন্তব্য ৫৭ নং ৰঙিয়া বিধান সভা সমষ্টিৰ বিধায়ক ভৱেশ কলিতাৰ। সামাজিক স্বেচ্ছাসেৱী অনুষ্ঠান কস্তুৰীৰ উদ্যোগত গোৰেশ্বৰত সোমবাৰৰ পৰা অনুষ্ঠিত হোৱা চতুৰ্থ সংখ্যক গোৰেশ্বৰ গ্ৰন্থ উৎসৱত গ্ৰন্থৰ বিপনিৰ উন্মোচন কৰি বিধায়ক ভবেশ কলিতাই নৱ প্ৰজন্মই গল্প, কবিতা, উপন্যাসৰ ৰস গ্ৰন্থ উৎসৱত বিছাৰিব লাগিব বুলি কয়।
নৱ প্ৰজন্মৰ পঢ়ুৱৈ থাকিলেহে সাহিত্য সম্ভাৰ থাকিব। অন্বেষা শীৰ্ষক বিপনীৰ দ্বাৰ মুকলি কৰি বিধায়কগৰাকীয়ে জাতি-সংস্কৃতি ৰাখিবলৈ হ'লে গ্ৰন্থৰ যে অপৰিহার্য অংগ ইয়াক আমি নিশ্চিত ভাবে মানি লবই লাগিব বুলি কয়। ভাষা ভালদৰে জানিবলৈ হ'লে ব্যাকৰণ যেনেদৰে প্ৰয়োজন আছে ঠিক তেনেদৰে ব্যাকৰণ অবিহনে এটা বাক্য ভালদৰে কব নোৱাৰি বুলি কয়।
গোৰেশ্বৰ গ্ৰন্থ উৎসৱৰ সৈতে সংগতি ৰাখি দিনৰ ২ বজাত অনুষ্ঠিত হোৱা গ্ৰন্থ উন্মোচনী সভাত সোণবৰ বৰুৱাৰ গীতৰ পুথি "সোনজুৰি জিৰি জিৰি" আৰু জুনুমণি ডেকাৰ চুটি গল্প পুথি "কাৰ্বণ কপি" কস্তুৰীৰ তিনিমহীয়া আলোচনী "কস্তুৰী সুবাস" উন্মোচন কৰে বিশিষ্ট সাহিত্যিক, লেখক, সমালোচক ইছমাইল হুছেইন, গোৰেশ্বৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ খৰ্গেশ্বৰ ডেকা আৰু গ্ৰন্থ উন্মোচনী সভাৰ সঞ্চালক তথা গোৰেশ্বৰ এনআৰডিএচ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ৰীতা দেৱীয়ে।
গ্ৰন্থ উন্মোচন কৰি সাহিত্যিক, সমালোচক ইছমাইল হুছেইনে এখন সমাজ আৰু এটা জাতিৰ সৃষ্টি হয় খুব কম সংখ্যক মানুহৰ মাজত বুলি কয়। আজিৰ নৱ প্ৰজন্মই কোনে কি উদ্দেশ্য লৈ অনুষ্ঠান পাতে সেয়া বুজা টান। গোৰেশ্বৰত কেৱল এটা জাতিৰ ঐতিহ্য নাই। ইয়াত বড়ো, ৰাভা, কোছ, শৰনীয়া, ইছলামধৰ্মৰো ঐতিহ্য আছে বুলি মতপোষণ কৰে। আন এগৰাকী উন্মোচক ড০ খৰ্গেশ্বৰ ডেকাই এখন গ্ৰন্থই এজন মানুহ আৰু এখন সমাজৰ দিশ সলনি কৰি দিব পাৰে।
সমাজৰ হৈ কাম কৰিলেহে মানুহে মনত ৰাখে। গ্ৰন্থ অধ্যয়নে মানুহৰ অচেতন বিবেকক সম্পূৰ্ন চেতনা শৈলী কৰি তোলে। সোমবাৰে পুৱা ৮ বজাত কস্তুৰীৰ পতাকা উত্তোলন কৰে মলয় কুমাৰ ডেকাই। স্মৃতি তৰ্পন কৰে অৱসৰ প্ৰাপ্ত শিক্ষক লোহিত চন্দ্ৰ বড়োৱে। গ্ৰন্থ উৎসৱত মঙলবাৰে পুৱা ১১ বজাত সদৌ অসম ভিত্তিত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা আৰু সন্ধিয়া ৬ বজাত বিশিষ্ট কবি প্ৰনৱ কুমাৰ বৰ্মনৰ সঞ্চলনাত অনুষ্ঠিত হ’ব কস্তুৰী মেল।