
newsnextone.com | গোৰেশ্বৰঃ ৰাজনৈতিক দলৰ নেতাই আজিও ৰাজ্যৰ বহু মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতিৰ আসন খন দখল কৰি আছে৷ সময়ে সময়ে চৰকাৰ তথা বিভিন্ন লোকে মহাবিদ্যালয় সমূহৰ পৰিচালনা সমিতিৰ সৈতে শৈক্ষিক দিশৰ সৈতে জড়িত লোককহে ৰাখিব লাগে বুলি দাবী উত্থাপন হৈ আছে৷ কিন্তু এনে দাবীক লেতেৰা ৰাজনীতি কৰা লোকসকলে কেতিয়াও ভ্ৰুক্ষেপ নকৰে৷
যাৰ বাবে ক্ষমতাৰ অপব্যৱহাৰ কৰি মহাবিদ্যালয়ৰ পৰিচলনা সমিতিৰ সভাপতিৰ পদ দখল কৰে আছে বহু ৰাজনেতাই৷ বাক্সা জিলাৰ গোৰেশ্বৰ মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতিৰ আসন খন দখল কৰি আছে বিটিচিৰ কাৰ্যবাহী মহেশ্বৰ বসুমতাৰীয়ে৷ কিন্তু তাৰ দ্বাৰা হৈছে কি৷ সদ্য ঘোষিত উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ লজ্জাজনক ফলাফলত চিন্তিত হৈ পৰিছে গোৰেশ্বৰীয়া ৰাইজ৷ কিন্তু ক্ষমতা হাতত ৰাখিব বিচৰা লোকসলে এই কথাক অনুধাৱন কৰিব নোৱাৰে৷
সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক পৰীক্ষাত অবিভক্ত কামৰূপ জিলাৰ বৰ্তমানৰ বাক্সা জিলাৰ অগ্ৰণী শিক্ষানুষ্ঠান গোৰেশ্বৰ মহাবিদ্যালয়ৰ ফলাফল লজ্জাজনক আছিল৷ গোৰেশ্বৰ মহাবিদ্যালয়ৰ ফলাফল নিম্নগামী হোৱাৰ পৰিপ্ৰেক্ষিত অধ্যক্ষই ৰাইজৰ পৰামৰ্শ বিচাৰি সভা আহ্বান কৰিছিল। উচ্চতৰ মাধ্যমিকত কলাত শাখাত মাত্ৰ ৯ শতাংশ আৰু বাণিজ্য শাখাত মাত্ৰ ৩৫ শতাংশ ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হোৱাত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল৷ যাৰ ফলত ৰাইজে ৰাজহুৱা সভা অনুষ্ঠিত কৰাৰ দাবী জনাইছিল৷
তাৰ পিছতে শৈক্ষিক দিশ টনকীয়াল কৰিবলৈ ৮ জুনত মহাবিদ্যালয় প্ৰেক্ষাগৃহত এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়। মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি মহেশ্বৰ বসুমতাৰীৰ সভাপতিত্বত অনুষ্ঠিত সভাত পৰিচালনা সমিতিৰ বিষয়-ববীয়া, মহাবিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰী, দল-সংগঠনৰ প্ৰতিনিধি, শিক্ষাবিদ, বিভিন্ন দল সংগঠনৰ নেতৃবৃন্দ উপস্থিত থাকে৷
অধ্যক্ষ ড০ খৰ্গেশ্বৰ ডেকাই মহাবিদ্যালয়খনৰ নিম্নগামী ফলাফলৰ বাবে দোষ স্বীকাৰ কৰাৰ লগতে বিগত সময়ছোৱাৰ উচ্চতৰ মাধ্যমিক আৰু স্নাতক পৰ্যায়ৰ ফলাফলৰ কিছু তথ্য দাঙি ধৰে। ইপিনে মহাবিদ্যালয়খন নিম্নবৰ্গৰ সহায়ক পোলেন বৰাই ফলাফল নিম্নগামী হোৱাৰ কাৰণ দাঙি ধৰি কয় যে মহাবিদ্যালয়খনত কোনেও দায়িত্ব পালন নকৰে। প্ৰশাসন বুলি কোনো ব্যৱস্থা নথকা মহাবিদ্যালয়খনত শিক্ষক ১২ বজাত আহি ২ বজাত উভতি যায় বুলি অভিযোগ উত্থাপন কৰে কৰ্মচাৰীজনে।তেওঁ অধ্যক্ষই প্ৰশাসন বজাই ৰখাত চৰম ভাৱে ব্যৰ্থ হোৱা বাবেই বিগত ৬-৭ বছৰে ফলাফল নিম্নগামী হোৱা বুলি অভিযোগ উত্থাপন কৰে।
ইপিনে মহাবিদ্যালয়খনৰ প্ৰবক্তা তথা ঠিকাভিত্তিত শিক্ষক ব্ৰজ কুমাৰ ডেকাই পোলেন বৰাক উভতি ধৰে। ব্ৰজ কুমাৰ ডেকাই একাংশ কৰ্মচাৰীয়ে নিজকে প্ৰশাসক বুলি ভাবে বুলি কয়৷ মহাবিদ্যালয়খনৰ নিম্নবৰ্গৰ সহায়ক পোলেন বৰাই মহাবিদ্যালয়খনত নিজকে সৰ্বেসৰ্বা বুলি ভবাৰ লগতে ঠিকাভিত্তিক শিক্ষকসকলকে কিয় জগৰীয়া কৰা হ'ব বুলি ক্ষোভ প্ৰকাশ কৰে। উল্লেখ্য যে, পোলেন বৰা নামৰ কৰ্মচাৰীজনে বিগত সময়ত অধ্যক্ষক অমান্য কৰি সকলো ক্ষেত্ৰতে হস্তক্ষেপ কৰি মহাবিদ্যালয়খনত খামখেয়ালীৰ সৃষ্টি কৰি আহিছে বুলিও অভিযোগ উত্থাপন হয়৷
সেয়েহে শিক্ষকে দিয়া ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিৰ কোনো তথ্য পৰীক্ষণ নকৰাকৈ সকলোকে পৰীক্ষাত বহিব দি কাৰ্যালয়টোৰ সহায়কসকলে এক নীতি বহিৰ্ভূত কাম কৰি আহিছে বুলি অভিযোগ উত্থাপন হয়৷ বহু সময়ত শিক্ষক-প্ৰৱক্তাসকলক যিকোনো কামৰ বাবে কাৰ্যালয় সহায়ক সকলে হেঁচা প্ৰদান কৰাৰো অভিযোগ উত্থাপন কৰে প্ৰবক্তা ব্ৰজ ডেকাই। আনহাতে বৈদ্যুতিন মাধ্যমত মহাবিদ্যালয়ৰ ফলাফলক লৈ অধ্যক্ষৰ মন্তব্য নলোৱাকৈ কেৱল কৰ্মচাৰীৰ মন্তব্যৰে কেনেকৈ বাতৰি পৰিৱেশন কৰিলে তাকে লৈ প্ৰশ্ন উত্থাপন কৰে।
মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক অজিত তালুকদাৰে দল-সংগঠনৰ লগতে সুধী সমাজৰ পৰামৰ্শ বিচাৰে মহাবিদ্যালয়খনৰ বাবে। ইপিনে মহাবিদ্যালয়খনৰ অধ্যাপক শৰৎ ডেকাই ফলাফল নিম্নগামী হোৱা সম্পৰ্কত কয় যে এই অঞ্চলৰ বন্ধ আদিও ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক দিশত প্ৰভাৱ পেলাইছে। তেওঁ শিক্ষকৰ দৰমহা সৈতে পৰীক্ষাৰ ফলাফলক সংযুক্ত কৰি একাংশই বক্তব্য ৰখা কাৰ্যৰ ওপৰত মন্তব্য ৰাখিবলৈ ধৰোতে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। একাংশ দল-সংগঠনে তেওঁৰ এই বক্তব্য গোৰেশ্বৰবাসীৰ বাবে অপমানজনক বুলি কয় যদিও পিছত তেওঁ এনে বক্তব্য গোৰেশ্বৰবাসীৰ অপমানৰ বাবে কোৱা নাছিল বুলি স্পষ্ট কৰে।
সভাত যুৱ-ছাত্ৰ পৰিষদৰ নেতা ৱাহেদৰ ৰহমানে কয় যে প্ৰৱক্তা আৰু অধ্যাপকসকল গোৰেশ্বৰৰ তিনি কিঃ মিঃ দুৰত্ব থাকি পাঠদান কৰিব লাগিব। অভিভাৱক সভা সঘনে অনুষ্ঠিত কৰাৰ বাবেও আহ্বান জনাই ছাত্ৰনেতাজনে। গোৰেশ্বৰ সাহিত্য সভাৰ সভাপতি কৰুণা ডেকাই কয় যে কেৱল গোৰেশ্বৰ মহাবিদ্যালয় ফলাফলেই নহয় ভিতৰচ'ৰাত থকা কেৰোণ দুৰ কৰিবলৈ আহ্বান জনায়। তেওঁ প্ৰথম বৰ্ষৰ ফলাফলত ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাত ৩ পালে ৩০ কৰি দিয়াৰ পৰম্পৰা এৰিব লাগে বুলি সভাত বক্তব্য ৰাখে।
ইপিনে সভাৰ সভাপতি মহেশ্বৰ বসুমতাৰীয়ে সভা আধাতে সামৰি এৰি যোৱাৰ পিছত অমিন্দ্ৰ নাথক সভাপতিৰ আসন দিয়া হয়। সভাপতিয়ে আধাতে সভা এৰি যোৱাত প্ৰতিক্ৰিয়াৰো সৃষ্টি হয়। সভাত অধ্যাপিকা ড০ প্ৰতিভা পাটোৱাৰীয়ে শ্ৰেণীকোঠাত মাইক্ৰফোনৰ ব্যৱস্থা কৰিব লাগে বুলি কয়। লগতে কেৱল ৪০ শতাংশ নম্বৰ লাভ কৰা ছাত্ৰ-ছাত্ৰীকহে উচ্চতৰ মাধ্যমিকত নামভৰ্তি কৰাৰ প্ৰস্তাৱ দিয়ে যদিও সভাই ইয়াত আপত্তি প্ৰকাশ কৰে।
আনহাতে সভাত সকলো দল-সংগঠন বক্তব্য ৰাখিবলৈ সুবিধা নিদি লিখিত পৰামৰ্শ পৰিচালনা সমিতিলৈ প্ৰেৰণ কৰাৰ আহ্বান জনায় সভাপতি অমিন্দ্ৰ নাথে। দল-সংগঠনক কথা কোৱাৰ সুবিধা নিদিয়াৰ বাবে সভাপতিৰ ভূমিকাক সমালোচনা কৰে একাংশই। উল্লেখ্য যে, কোনো সিদ্ধান্ত নোহোৱাকৈ সভা সমাপ্ত হোৱাৰ পিছত অধ্যক্ষই কম দিনৰ ভিতৰত পুনৰ সভা আহ্বান কৰিব বুলি জনাই।
উল্লেখ্য যে, ১৯৭৪ চনত কেইগৰাকীমান মানুহৰ নেতৃত্বত ভৱিষ্যৎ প্ৰজন্মক শিক্ষাৰ পোহৰ দিবলৈ প্ৰতিষ্ঠা কৰা এখন শিক্ষানুষ্ঠান গোৰেশ্বৰ মহাবিদ্যালয়৷ যিখন শিক্ষানুষ্ঠানত প্ৰতিষ্ঠা কৰাৰ বাবে কপালৰ ঘাম মাটিত পেলাইছিল বৃহৎ এটা অঞ্চলৰ ৰাইজে৷ কোনোবাই বাঁহ দিছিল, কোনোবাই কাঠ আৰু কোনোবাই নগদ ধন দি প্ৰতিষ্ঠা কৰা শিক্ষানুষ্ঠানৰ শৈক্ষিক পৰিৱেশ ধ্বংস হোৱাত হায়ৰান হৈ পৰিছে এটা অঞ্চলৰ ৰাইজে৷
চকুৰ সন্মুখতে শৈক্ষিক পৰিৱেশ বিনষ্ট কৰি একাংশ লোকে কেৱল ধন ঘটাৰ বাবে আহিলা হিচাপে ব্যৱহাৰ কাৰৰ ব্যাপক অভিযোগ উত্থাপন হৈ আহিছে৷ একাংশ লোকে পাঠদানৰ নামত অৱসৰ বিনোদনৰ প্ৰথাহে চলাব ধৰিছে বুলি কব খোজে৷ আন একাংশ লোকে এটি অঞ্চলৰ আৱেগক প্ৰতিদিনে ইতিকিং কৰি যোৱাৰো অভিযোগ উত্থাপন কৰে৷
গোৰেশ্বৰ মহাবিদ্যালয়ৰ হতাশাজনক ফলাফলে চিন্তিত কৰে সচেতন মহলক। উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল অনুসৰি কলা শাখাত অৱতীৰ্ণ মুঠ ২৯৬গৰাকী পৰীক্ষাৰ্থীৰ মাত্ৰ ২৭ জনে আৰু বাণিজ্য শাখাত মুঠ ৩৯ গৰাকীৰ বিপৰীতে উত্তীৰ্ণ হয় মাত্ৰ ১৪গৰাকী পৰীক্ষাৰ্থী মহাবিদ্যালয় খনৰ পৰা উত্তীৰ্ণ হয়৷ কলা শাখাত দ্বিতীয় বিভাগত এজন আৰু তৃতীয় বিভাগত ২৬ জনে উত্তীৰ্ণ হয়।
বাণিজ্য শাখাত দ্বিতীয় বিভাগত ১ জন আৰু তৃতীয় বিভাগত ১৩ জনে উত্তীৰ্ণ হয়। উত্তীৰ্ণৰ হাৰ কলাত ৯ শতাংশ আৰু বাণিজ্যত ৩৫ শতাংশ মাত্ৰ। প্ৰথম বিভাগ নাপালে এজনো ছাত্ৰ-ছাত্ৰীয়ে। এখন পূৰ্ণাংগ মহাবিদ্যালয়ত নিম্নগামী ফলাফলে সঁচাকৈয়ে ভবাই তুলিছে গোৰেশ্বৰ অঞ্চলৰ সচেতন মহলক।
উল্লেখ্য যে বিগত তিনি-চাৰিবছৰ ধৰি একেবাৰে ফলাফল নিম্নগামী হোৱা মহাবিদ্যালয়ৰ উচ্চতৰ মাধ্যমিকৰ ফলাফলক লৈ গোৰেশ্বৰত ছচিয়েল মিডিয়াত সৰৱ চৰ্চা চলা দেখা যায়। এই ক্ষেত্ৰত মহাবিদ্যালয়খনৰ অধ্যক্ষৰ লগতে শিক্ষক-শিক্ষয়িত্ৰীসকলক একাংশই জগৰীয়া কৰিব বিচাৰিছে। আনহাতে মহাবিদ্যালয়ত খনৰ শৈক্ষিক দিশত এক অৰাজকতা পৰিবেশ চলি থকা বুলি অভিযোগ উত্থাপন কৰে৷