গোৰেশ্বৰঃ বাক্সা জিলাৰ গোৰেশ্বৰ ৰাজহ চক্ৰৰ অন্তৰ্গত গাৰোগাঁৱৰ  বাসিন্দা তথা গুৱাহাটীস্থ কে চি দাস কমাৰ্চ কলেজৰ অধ্যাপক ডঃ প্ৰভাত চন্দ্ৰ কাকতিৰ শনিবাৰে  নিশা প্ৰায় ১১বজাত জি এম চি এইচত চিকিৎসাধীন অৱস্থাত মৃত্যু হয়৷

জানিব পৰামতে তেওঁ কেইবামাহ পূৰ্বৰেপৰা কেইবাটাও ৰোগত আক্ৰান্ত হৈ আছিল৷ গোৰেশ্বৰ গাঁৰোগাঁৱত জন্ম গ্ৰহণ কৰা ডঃ কাকতিয়ে বিভিন্ন ঘাট -প্ৰতিঘাটৰ মাজেৰে উচ্চ শিক্ষা গ্ৰহণ কৰি কলেজত শিক্ষকতা কৰাৰ লগতে সদৌ অসম শালৈ সন্মিলনীৰ লগত ওতঃপ্ৰোতভাৱে জড়িত থাকি সংগঠনটোৰ লগতে জাতিটোৰ উন্নয়নৰ হকে কাম কৰিছিল৷

উল্লেখযোগ্য যে স্থানীয় বৃন্দাবন উঃমাঃ বিদ্যালয়ত অধ্যয়ন কৰাৰ সময়ত তেওঁ ছয়বছৰীয়া বিদেশী বহিষ্কাৰ আন্দোলনত জড়িত থকা স্বেচ্ছাসেৱকসকলক পৰিচালনা কৰাত মুখ্য ভূমিকা  লৈছিল ৷ সকলোৰে লগত সহজে মিলিব পৰা অধ্যাপক কাকতিৰ অকাল বিয়োগত সদৌ অসম শালৈ সন্মলনীয়ে গভীৰ শোক প্ৰকাশ কৰে৷ সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া গণেশ কাকতিয়ে এক শোক বাৰ্তাত কয় ডঃ প্ৰভাত চন্দ্ৰ কাকতিৰ অকাল বিয়োগে শালৈ জাতিটোৰ এক অপূৰণীয় ক্ষতি হ’ল ৷ তেওঁ সংগঠনটোত এটা দশক ধৰি সম্পাদকৰ দৰে গুৰু দায়িত্ব লৈ জাতিটোৰ উন্নতিৰৰ হকে যথেষ্টখিনি বৰঙনি আগবঢ়াইছিল৷

দৰং জিলা শালৈ সন্মিলনীৰ সম্পাদক ৰমেন বৰুৱাও গভীৰ শোক প্ৰকাশ কৰে ৷ আজি পুৱা কাকতিৰ শৱদেহ পৰিয়ালে চিকিৎসালয়ৰপৰা চমজি লোৱাৰ পাছত পোনে পোনে কৰ্মৰত কে চি দাস কমাৰ্চ কলেজলৈ নিয়া হয় ৷ তাত ছাত্ৰ-ছাত্ৰীৰ লগতে সহকৰ্মীসকলে পুষ্পাঞ্জলি অৰ্পণৰে শেষ শ্ৰদ্ধা নিবেদন কৰে৷

তাৰপৰা নিজৰ জন্মস্থান গোৰেশ্বৰ গাৰোগাঁৱলৈ অনা হয় ৷ দিনৰ ১০বজাত তেওঁৰ শৱদেহ নিজা ঘৰ পোৱাৰ লগে লগে গুণমুগ্ধৰে চোতাল ভৰি পৰে ৷ পাছত ৰাইজে স্থানীয় নামঘৰৰ বাকৰিলৈ নিয়ে আৰু তাত বিভিন্ন দল সংগঠনৰ নেতৃত্ব বৃন্দৰ লগতে স্থানীয় ৰাইজে শেষ শ্ৰদ্ধা জনোৱাৰ অন্তত নিজৰ বাৰীত অন্তোষ্টিক্ৰিয়া সম্পন্ন কৰে৷ মৃত্যুৰ সময়ত ৫৬ বছৰ হোৱা ডঃ কাকতিয়ে  মাতৃ, পত্নী, তিনিজন ভাতৃ, এজন পুত্ৰ আৰু এগৰাকী কন্যা সন্তান ইহ সংসাৰত এৰি থৈ যায়।