গোৰেশ্বৰঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে শুকুৰবাৰে গোৰেশ্বৰতো উলহ-মালহেৰে গণতন্ত্ৰ দিৱস উদযাপন কৰা হয়৷ পুৱা খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়, বিভিন্ন চৰকাৰী-বেচৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান আদিত পতাকা উত্তোলন কৰাৰ পিছতেই গোৰেশ্বৰ ৰাজহ চক্ৰ কাৰ্যালয়ত পতাকা উত্তোলন কৰা হয়৷ অঞ্চলটোৰ ৰাইজ পুৱাৰে পৰা গোৰেশ্বৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত উপস্থিত হয় যদিও উচ্চ শিক্ষিত এগৰাকী বিষয়াই আবাসৰ পৰা ওলাই নহা কাৰ্যই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে৷

গণ ৰাজ্য দিৱসৰ কাৰ্যসূচীত খোদ গোৰেশ্বৰৰ ৰাজহ চক্ৰ বিষয়া অলকানন্দ মেধি উপস্থিত নথকাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় গোৰেশ্বত। বিটিচিৰ কাৰ্যবাহী সদস্য মহেশ্বৰ বসুমতাৰীৰ ৰাজহুৱা গৰিহণা দিয়ে বিষয়াগৰাকীৰ এনে কাণ্ডৰ বাবে। এই ক্ষেত্ৰত বিহিত ব্যৱস্থা লবলৈ জিলা উপাযুক্তক দাবী জনাই গোৰেশ্বৰৰ ৰাইজে৷ প্ৰতিবছৰৰ দৰে এইবেলিও ৰাজহুৱা ভাৱে ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় প্ৰাংগণত অনুষ্ঠিত হয় গণৰাজ্য দিৱস। ৰাজহ চক্ৰ বিষয়া অলকানন্দ মেধিয়ে গোৰেশ্বৰৰ অনুষ্ঠান প্ৰতিষ্ঠানক, নাগৰিকক আমন্ত্ৰণ কৰে৷ কিন্তু পতাকা উত্তোলনৰ লগতে গোৰেশ্বৰ ৰাজহ চক্ৰ বিষয়া অলকানন্দ মেধিয়ে আবাসত থাকে যদিও গণৰাজ্য দিৱসৰ কাৰ্যসূচীত অংশ গ্ৰহণ কৰা দেখা নাযায়।

নিজে ৰাইজক গণৰাজ্য দিৱসৰ কাৰ্যসূচীত আমন্ত্ৰণ জনাই উপস্থিত নথকাত অপমানবোধ কৰে ৰাইজে। চক্ৰ বিষয়াৰ কাৰ্যালয় প্ৰাংগণত পুৱা ৯ বজাত পতাকা উত্তোলন কৰে বিটিচিৰ কাৰ্যবাহী সদস্য মহেশ্বৰ বসুমতাৰীয়ে৷ বিষয়া অলকানন্দ মেধীয়ে ৰাইজকে নিমন্ত্ৰণ দি পতাকা উত্তোলনৰ লগতে সাংস্কৃতিক অনুষ্ঠানত দৃষ্টিকটুভাবে উপস্থিত নথকা কাৰ্যক বিপিএফ নেতা তথা বিটিচিৰ কাৰ্যবাহী সদস্য মহেশ্বৰ বসুমতাৰীয়ে গৰিহণা দি এজন ৰাজহ চক্ৰ বিষয়াৰ এনে দায়িত্বজ্ঞানহীন কাৰ্যক নিন্দা কৰে৷