
গোৰেশ্বৰঃ বাক্সা জিলাৰ গোৰেশ্বৰত নিম্নমানৰ পথ নিৰ্মাণৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ সাব্যস্ত কৰে। দীৰ্ঘদিনীয়া দাবী আৰু বঞ্চনাৰ অন্তত গোৰেশ্বৰ খৈৰাবাৰী পথটিৰ পুনৰ নিৰ্মাণ হৈছে যদিও ইয়াৰে একাংশত পথ নিৰ্মাণৰ মানৰ নমুনা দেখি ৮ ডিচেম্বৰত ক্ষোভিত হৈ পৰে ৰাইজ।
অৱশ্যে ঠিকাদাৰ আৰু বিভাগীয় দায়িত্ববাহী লোকে প্ৰায় তিনিশ মিটাৰ পথ পুনৰ নিৰ্মাণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰাত পৰিস্থিতিৰ শাম কাটে।
বাক্সা আৰু ওদালগুৰি জিলাক সংযোগ কৰা গোৰেশ্বৰ-খৈৰাবাৰী পথেৰে দীৰ্ঘদিন ধৰি চৰম দুৰৱস্থাৰে যাতায়ত কৰি অহিছিল অঞ্চলবাসী ৰাইজ। প্ৰায় এক দশকতকৈ অধিক দিনধৰি বিধ্বস্ত ৰাষ্টাৰে যাতায়াত কৰাৰ পাছত শেহতীয়াকৈ গড়কপ্তানি পথছোৱা মেৰামতিৰ বাবে দায়িত্ব লাভ কৰে ঠিকাদাৰে। কিন্তু ৮ ডিচেম্বৰত গোৰেশ্বৰৰপৰা প্ৰায় ৩ কিল'মিটাৰ দূৰত হাঁহচৰাপাৰৰ একাংশ নৱনিৰ্মিত পথ দেখি বিচুৰ্তি খায় ৰাইজে।
কেইবাটাও অংশত পকীৰ পাতল তৰপেৰে কাম কৰাৰ লগতে ভৰিৰে মোহাৰি পকীকৰণ পথ উঠাই দেখুৱাই ৰাইজে। ক্ষোভিত ৰাইজে আনকি মেৰামতিৰ কাম বন্ধ কৰি দিয়ে। অৱশ্যে ঠিকাদাৰে ঘটনাস্থলীত উপস্থিত হৈ পথৰ মেৰামতিৰ কাম সঠিকভাৱে কৰিবলৈ কৰ্মচাৰীসকলক নিৰ্দেশনা দিয়ে। ৰাইজৰ দাবীত প্ৰায় ৩০০ মিটাৰ পথ পুনৰ নিৰ্মাণ কাৰ্যত লিপ্ত হয় নিৰ্মাণকাৰী ঠিকাদাৰ আৰু কৰ্মচাৰীয়।