কনকলাল স্বৰ্গীয়াৰী কেৱল গীতিকাৰে নহয় সমন্বয়ৰ বাহক আছিল

গোৰেশ্বৰঃ কনকলাল স্বৰ্গীয়াৰী কেৱল গীতিকাৰে নাছিল তেওঁ সমন্বয়ৰ বাহক আছিল। ১৯৭৬ চনত কোকৰাঝাৰত যেতিয়া গোষ্ঠীগত সংঘৰ্ষ হৈছিল তেতিয়া দুৰ্গত লোকৰ সহায়ৰ বাবে তেওঁলোকৰ মাজলৈ গৈ সমন্বয় গীত গাইছিল এইজন  কনকলাল স্বৰ্গীয়াৰীয়ে।

এই মন্তব্য বড়ো সাহিত্য সভাৰ সভাপতি তৰেণ বড়োৰ। শনিবাৰে বাগসা জিলাৰ গোৰেশ্বৰত গড়কপ্তানি বিভাগৰ পৰিদৰ্শন বঙলা প্ৰাংগনত কনকলাল স্বৰ্গীয়াৰীৰ দ্বিতীয় মৃত্যু বাৰ্ষিকী উপলক্ষে আয়োজিত মুকলি সভাত বড়ো সাহিত্য সভাৰ সভাপতি গৰাকীয়ে এনেদৰে কয়।

তেওঁ আৰু কয় যে বড়ো সংগীতৰ দৰদী কণ্ঠশিল্পী কনকলাল স্বৰ্গীয়াৰীক যেনেকৈ পাহৰি যোৱা উচিত নহয় তেনেদৰে বড়ো দৰদী শিল্পীসকলকো পাহৰি যোৱা উচিত নহয়। ১৯৬০ চনত প্ৰথম দূৰদৰ্শনত বড়ো ভাষাৰ অনুষ্ঠান আৰম্ভ হয়। 

সেই সময়ৰেপৰা বড়ো ভাষাৰ শিল্পী কনকলাল স্বৰ্গীয়াৰী, মোহনীমোহন ব্ৰহ্ম, নীলেশ্বৰ ব্ৰহ্ম আৰু গোপাল বড়োই বড়ো সংগীত জগতলৈ অনবদ্য বৰঙনি আগবঢ়াইছিল।

ড০ ভূপেন হাজৰিকাৰ সোঁহাত স্বৰূপ গোপাল বড়োৱে বড়ো আধুনিক গীত সৃষ্টি কৰাত অৰিহনা যোগাইছিল। ইপিনে মুকলি সভাত কনকলাল স্বৰ্গীয়াৰী স্মৃতি ছপা কৰি উলিওৱা স্মৃতিগ্ৰন্থ "গৌছৌখাথি" উন্মোচন কৰে কনকলাল স্বৰ্গীয়াৰী স্মৃতি ৰক্ষা সমিতিৰ উপসভাপতি অঞ্জলি দৈমাৰীয়ে।

সভাত এন ডি এফ বি(পি)ৰ সভাপতি ধীৰেন বড়ো, বি টি চি চুক্তি স্বাক্ষৰকাৰী তথা ব্ৰাফেডৰ অধ্যক্ষ বিনোদ নাৰ্জাৰী, এবছুৰ জিলা সমিতিৰ সভাপতি নৃপেন চন্দ্ৰ বড়ো, বড়ো সাহিত্য সভাৰ বিনয় কুমাৰ নাৰ্জাৰী উপস্থিত থাকে।