♦ ত্ৰিশ বছৰ পুৰণি পানীযোগান আঁচনি নতুনকৈ নিৰ্মাণৰ পোষকতা ৰাইজৰ

গোৰেশ্বৰঃ জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগৰ গোৰেশ্বৰত থকা একমাত্ৰ পানী যোগান আঁচনিটো বিকল হৈ আছে বিগত প্ৰায় ১৫ দিন ধৰি।

গোৰেশ্বৰত কাৰ্যক্ষম হৈ থকা একমাত্ৰ পানী যোগান আঁচনিটো বিকল হৈ থকাত  ভীষণ অসুবিধাৰ সম্মুখীন হৈছে গোৰেশ্বৰৰ ৰাইজ। গোৰেশ্বৰ জলসিঞ্চন ক'লনি অৱস্থিত গোৰেশ্বৰ অনাময় পানী যোগান আঁচনিটো বিকল হৈ থকাত গোৰেশ্বৰ আৰক্ষী থান, ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়, গোৰেশ্বৰ আৰ্মী কেম্পকে ধৰি প্ৰায় ২০০ উপভোক্তাই এতিয়া পানীৰ বাবে অসুবিধাত পৰিছে।

জানিব পৰা মতে, প্ৰায় ৩০ বছৰ পুৰণি এই পানী যোগান আঁচনিটোৰ দুয়োটা মটৰ পাম্প সম্প্ৰতি বিকল হৈ থকাৰ লগতে লোৰ পাইপসমূহ জহি-খহি যোৱাত সম্পূৰ্ণ আঁচনিটোৱে বিকল হৈ পৰাৰ উপক্ৰম হৈছে।

ইপিনে গোৰেশ্বৰ মুখ্য পথটোৰ দুয়োকাষে নলী নিৰ্মাণৰ বাবে জে চি পিৰে মাটি খান্দোতেও তিনি স্থানত প্ৰায় ৪০ ফুটতকৈ আঁচনিখনৰ পাইপ ভাঙি নষ্ট হৈ গৈছে। গোৰেশ্বৰ নিম্ন বুনিয়াদী বিদ্যালয়, বেঙেনাহাটী  আৰু ধীৰেণপাৰাত তিনি স্থানত পাইপ ভঙাৰ বাবেও বেঙেনাহাটী, ধীৰেণপাৰা আৰু সাহাপট্টী অঞ্চলৰ উপভোক্তাই পানী লাভ কৰাৰপৰা বঞ্চিত হৈছে।

গোৰেশ্বৰ অনাময় পানী যোগান আঁচনি পৰিচালনা সমিতিয়ে নিজৰ জমা ধনেৰে এতিয়া পাইপ বা মটৰ মেৰামতি কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে যদিও এতিয়াও পানী যোগান ধৰিবলৈ সক্ষম হোৱা নাই। জনস্বাস্থ্য কাৰিকৰী বিভাগে জনোৱা মতে মুখ্য পাইপ লাইনসমূহৰ মেৰামতি খৰচ বিভাগে বহন কৰিব যদিও এতিয়া এই ক্ষেত্ৰত কোনো গুৰুত্ব প্ৰদান কৰা নাই।

পৰিচালনা সমিতিয়ে দুটা স্থানৰ ভঙা পাইপ মেৰামতি কৰিলে যদিও এতিয়ালৈ বিকল মটৰ দুটা এতিয়ালৈ চেষ্টা কৰিও কাৰ্যক্ষম কৰি তুলিব পৰা নাই। স্থানীয় ৰাইজৰ মতে এতিয়া চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভীগটোৰ গুৰুত্বহীনতাৰ বাবে এতিয়া ৰাইজে পানীৰ বাবে হাহাকাৰ কৰিব লগা হৈছে। তথ্য মতে বিভাগীয় কাৰিকৰী বিভাগৰ লোকে আঁচনিটো নিৰীক্ষণ কৰি ইয়াৰ পাইপ আৰু অন্যান্য সাঁ-সঁজুলি বহু পুৰণি হোৱাত এইবোৰ মেৰামতি কৰি চলাব পৰা নাযাব বুলি মন্তব্য কৰিছিল।

সেয়েহে ৰাইজে গোৰেশ্বৰৰ একমাত্ৰ কাৰ্যক্ষম হৈ থকা পানী যোগান আঁচনিটো নতুনকৈ কাৰ্যক্ষম কৰিবলৈ দাবী জনাইছে।