
গৌৰীসাগৰঃ ০৯ আগষ্টত শ্বহীদ সাংবাদিক কমলা শইকীয়াক স্মৰণ কৰিব শিৱসাগৰ জিলাৰ দিখৌমুখ গায়েন গাঁওবাসীয়ে৷
১৯৯১ চনৰ ৯ আগষ্টত নিৰ্মমভাৱে গুলীয়াই হত্যা কৰিছিল সাংবাদিক কমলা শইকীয়াক৷ তেতিয়াৰ পৰা ৯ আগষ্টৰ দিনটো দিখৌমুখৰ গায়েন গাঁওবাসীয়ে ক'লা দিৱস হিচাপে পালন কৰি আহিছে ৷
দিখৌমুখ আঞ্চলিক ছাত্র সন্থাই শ্বহীদ সাংবাদিক কমলা শইকীয়াৰ ২৬ সংখ্যক মৃত্যুৰ দিনটোক স্মৰণ কৰি দিখৌমুখ জনজাতি হাইস্কুলৰ প্রেক্ষাগৃহত চিত্রাংকণ প্রতিযোগিতা আৰু বক্তৃতা অনুষ্ঠানৰ আয়োজন কৰিছে৷
দিখৌমুখ প্রেছ ক্লাৱ আৰু দিখৌমুখ জনজাতি উচ্চ মাধ্যমিক বিদ্যালয় কৰ্তৃপক্ষৰ সহযোগত আয়োজন কৰা স্মাৰক বক্তৃতানুষ্ঠানত ‘সাম্প্রতিক শিক্ষা ব্যৱস্থাত গুণোৎসৱৰ প্রাসংগিকতা’ বিষয় সন্দৰ্ভত বক্তৃতা আগবঢ়াব শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ সৌমৰজ্যোতি মহন্তই৷
৬০ৰ দশকত পোহৰ বিলোৱা শ্বহীদ সাংবাদিকগৰাকীয়ে দিখৌমুখত বিদ্যালয়, মহাবিদ্যালয়, চিকিৎসালয় আদি প্ৰতিষ্ঠাৰ সৈতে জড়িত আছিল৷