
খেৰণিঃ দুদিনীয়া ভ্ৰমণ সূচীৰে পাহাৰীয়া জিলা কাৰ্বি আংলঙত বৃহস্পতিবাৰে উপস্থিত হয় ৰাজ্যপাল জগদীশ মুখী৷ পুৱাই অতি শোচনীয় বৈঠালাংছ’-হামৰেণ পথেৰে আহি উপস্থিত হয় কাৰ্বি পাহাৰৰ হামৰেণস্থিত আৱৰ্ত ভৱনত ৰাজ্যপালগৰাকীয়ে৷
গুৱাহাটীৰ পৰা হামৰেণত উপস্থিত হোৱাৰ লগে লগে ৰাজ্যপালগৰাকীক বিভিন্ন জাতি-জনগোষ্ঠীৰ সাংস্কৃতিক দলে আদৰণি জনায়৷ কাৰ্বি স্বায়ত্ব শাসিত পৰিষদৰ উপাধ্যক্ষ ৰিতেশ ইংহি, বিজেপিৰ পশ্চিম কাৰ্বি আংলং জিলা সমিতিৰ সভাপতি অৰুণ টেৰাং, কাৰ্যবাহী সদস্য ৰূপছিং টেৰণ, মাধুৰ্য্য ঢেকীয়াল ফুকণ, খনছিং ৰংপি, ৰতন টেৰণ, ৰাজু তিচ্ছ, প্রদীপ দিপুচা আৰু পৰিষদীয় সদস্য ৰিণা তেৰাংপি, প্ৰভাত টাৰ, পৱন কুমাৰ, দৰছিং ৰংহাং, ৰিচাৰ্ড টকবি, পবিত্ৰ ৰংপিয়ে আদৰনি জনায় ৰাজ্যপাল মুখীক।
পশ্চিম কাৰ্বি আংলঙৰ উপায়ুক্ত দেৱজ্যোতি হাজৰিকা, আৰক্ষী প্ৰশাসনৰ বিষয়-ববীয়াৰ লগতে বিভিন্ন বিভাগৰ বিষয়-ববীয়া উপস্থিত থাকে৷ কাৰ্বি ছাত্ৰ সন্থাই জিলাখনৰ পথ-যাতায়ত সমস্যা, বিদ্যুৎ সমস্যা আৰু অবৈধ বেদখল সন্দৰ্ভত ৰাজ্যপালগৰাকীক অৱগত কৰে৷
আনহাতে সাংবাদিকৰ সৈতে হোৱা বৈঠকত ৰাজ্যপালগৰাকীক সাংবাদিকে সোধা বিভিন্ন প্ৰশ্নৰ উত্তৰ অতি কৌশলগতভাৱে সংবাদ মাধ্যমযোগে সমগ্ৰ অসমবাসীৰ লগতে কাৰ্বি আংলংবাসীক আহ্বান জনাই মননশীল চিন্তাৰে নিজৰ অভ্যাস আৰু চিন্তাৰ সলনি কৰি ভাৰত চৰকাৰে অসমৰ বাবে দিয়া আচঁনিসমূহ ১০০ শতাংশই ৰূপায়নেৰে সামগ্ৰিক উন্নয়ন আৰু বিকাশত বাস্তৱ ৰূপ দিয়াৰ চেষ্টা কৰিব লাগে বুলি কয়।