
ডিজিটেল ডেস্কঃ মহিলা সাংবাদিকৰ গালত চেনেহৰ চিকুটি দি এইবাৰ বিতৰ্কৰ আৱৰ্তত সোমাল ৰাজ্যপাল৷ মঙলবাৰে তামিলনাডুৰ ৰাজ্যপাল বানোৱাৰিলাল পুৰোহিতে ৰাজ্যৰ ৰাজভৱনত অনুষ্ঠিত এখন সাংবাদমেলত এগৰাকী মহিলা সাংবাদিকক গালত চিকুটি দিয়া কাণ্ডই ব্যাপক চৰ্চা লাভ কৰিছে৷
জানিব পাৰ মতে, তামিলনাডুৰ ৰাজ্যপাল বানোৱাৰিলাল পুৰোহিতে মঙলবাৰে এখন সংবাদমেলৰ আয়োজন কৰিছিল ৰাজভৱনত৷ সংবাদমেলত এগৰাকী মহিলা সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ মহিলা সাংবাদিকগৰাকীক ৰাজ্যপাল পুৰোহিতে গালত চিকুট মাৰে৷ ইয়াৰ পিছতেই ৰাজ্যপালগৰাকীৰ আচৰণত ক্ষোভিত হৈ পৰে তামিলনাডুৰ বিভিন্ন সাংবাদিক সংগঠন৷ ৰাজ্যৰ প্ৰশাসনৰ প্ৰধানগৰাকীৰ এনে কাণ্ডত দল-সংগঠনেও ৰাজ্যপালে কৰা ভুলৰ বাবে ৰাজহুৱা ক্ষমা খোজাৰ দাবী জনায়৷
ইয়াৰ পাছতেই ৰাজ্যপাল বানোৱাৰিলাল পুৰোহিতে আন এক এক সংবাদমেল আয়োজন কৰি মহিলা সাংবাদিকগৰাকীক ক্ষমা খোজে৷ তেওঁ কয় ‘‘তুমি সোধা প্ৰশ্নটো মোৰ মনপুতঃ হৈছিল৷ মই তোমাৰ প্ৰশ্নৰ প্ৰশংসা কৰিবলৈ গৈয়েই তোমাৰ গালত চিকুট মাৰিছিলোঁ৷ যদি এই কাৰ্যই তোমাৰ সন্মান আৰু স্বাভিমানত আঘাত হানিছে, তেন্তে তাৰ বাবে মই তোমাৰ ওচৰত ক্ষমা বিছাৰিছোঁ৷’’
ৰাজ্যপাল গৰাকীয়ে কয়- ‘‘তেওঁ মোৰ নাতিনীৰ বয়সৰ৷ সাংবাদিক হিচাপে মহিলাগৰাকীৰ প্ৰশংসাত স্নেহৰ বশবৰ্তী হৈয়ে মই তেওঁৰ গালত চিকুটিছিলোঁ৷ তাত মোৰ কোনো আন চিন্তা নাছিল৷’’
ৰাজ্যখনৰ আৰুপ্পুৰোট্টাই কলেজৰ সহকাৰী অধ্যাপক নিৰ্মলা দেৱীৰ বিৰুদ্ধে ফোনযোগে ছাত্ৰীক যৌন কাৰ্য কৰাৰ সুবিধা দিয়াৰ কথা উল্লেখ কৰা বুলি ছাত্ৰীয়ে অভিযোগ উল্লেখ কৰে৷ এটি মোবাইল ৰেকৰ্ডিং ইতিমধ্যে ভাইৰেল হৈ পৰে৷ ভাইৰেল হৈ পৰা অডিঅ’ ৰেকৰ্ডিঙটোত অধ্যাপক নিৰ্মলা দেৱীয়ে ৰাজ্যপাল বানোৱাৰীলাল পুৰোহিতৰ নাম উল্লেখ কৰা বুলিও অভিযোগ উত্থাপন হয়৷ ভাইৰেল হৈ পৰা বিতৰ্কিত অডিঅ’ ৰেকৰ্ডিঙটোত নাম সাঙুৰ খাই পৰাত ৰাজ্যপাল নিজৰ স্পষ্টিকৰণ দিবলৈ সংবাদ মেল খন অনুষ্ঠিত কৰিছিল ৰাজ্যপালে৷ উল্লেখ্য যে, বানোৱাৰীলাল পুৰোহিকক অসমৰো ৰাজ্যপাল নিয়োগ কৰিছিল কেন্দ্ৰীয় চৰকাৰে৷