
কলিয়াবৰঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ৰাইজক জীয়াতু ভোগাই পাৰ হ’ল বছৰৰ দ্বিতীয়টো বান৷ লাখ লাখ মানুহক সৰ্বহাৰা কৰি বুকুত বিষাদ চটিয়াই গল প্ৰলয়ংকাৰী বানে৷ এই বানে নিঠৰুৱা কৰিলে বহু পৰিয়াল৷ এই বানে মোহাৰি নিলে বহুতৰ সোণালী ভৱিষ্যত৷
দেওবাৰে এক সংবাদমেল যোগে ৰাজ্য চৰকাৰৰ জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই বছৰৰ দ্বিতীয়টো বানত হোৱা ক্ষতিৰ চৰকাৰী খতিয়ান উল্লেখ কৰে৷ চৰকাৰী তথ্য অনুযায়ী বছৰৰ দ্বিতিয়টো বানত সমগ্ৰ ৰাজ্যৰ বাইশখন জিলাৰ তেষষ্ঠি টা ৰাজহ চক্ৰৰ দুই হাজাৰ দুশ দহখন গাওঁ প্লাৱিত হৈছে। বানত ক্ষতিৰ সন্মুখীন হৈছে পচিশ লাখ তিৰানব্বৈ হজাৰ লোক। কম পৰিমাণে ক্ষতিগ্ৰস্ত হৈছে তেইশ লাখ পাচশ লোক।
আনহাতে বানে ধুৱাই নিছে এক লাখ তেইশ হাজাৰ হেক্টৰ কৃষিভূমি। ৰাজ্যত স্থাপন কৰা ২০৯ টা সাহায্য শিবিৰ আৰু ২৭৯ টা সাহায্য বিতৰণ কেন্দ্ৰৰ জৰিয়তে চৰকাৰে বানাক্ৰান্ত ৰাইজক আশ্ৰয় আৰু সাহায্য প্ৰদান কৰিছে৷ সাতাইশ লাখ জীৱ-জন্তু ক্ষতিৰ সন্মুখীন হৈছে এইবাৰৰ দ্বিতীয়টো বানত৷